/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AWARD-30.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তথা ৭৫ শতাংশ নম্বৰ লাভ কৰা ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দৰাম বৰুৱা বঁটা অসম চৰকাৰে এইবেলি লেপটপৰ সলনি ১৬ হাজাৰ টকা হিচাপে দিয়াৰ কথা ঘোষণা কৰিছিল। তাৰ বাবে ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলে যোৱা ২৫ জুলাইৰ পৰা ৩১ জুলাইলৈ অনলাইন যোগে আবেদন প্ৰক্ৰিয়া চলাই আছে।
কিন্ত আজি এই আবেদন কৰিবলৈ গৈ বিপাঙত পৰিছে বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধূপগুৰিৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ধূপগুৰি মডাৰ্ণ ইংৰাজী বিদ্যালয়ৰ চৈয়দ আক্ৰাম হুছেইন, নিলোফা ইয়াচমিন, নিজান চুলতানা আৰু নৱজাগৰণৰ জাতীয় বিদ্যালয়ৰ ৰৌনক আহমেদ নামৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে প্ৰতিবেদকক জানিবলৈ দিছে যে- তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ নামত ইতিমধ্যে কোনো দুষ্ট চক্ৰই আগতিয়াকৈ আবেদন কৰি থৈছে। যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী কেইগৰাকী বিপদত পৰি আৰক্ষীৰ ওচৰলৈ যাবলৈ প্ৰস্তুত হৈছে।
উল্লেখ্য যে, নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিগত বহু বছৰ ধৰি কোটি কোটি টকা সংখ্যালঘু বৃত্তিৰ ধন আত্মসাৎ হৈছে। তাৰ পাছত এইবাৰ দুষ্ট চক্ৰই আনন্দৰাম বৰুৱা বঁটালৈও শেনচকু দিছে। সচেতন ৰাইজে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।