/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/l1yuount/149.jpg)
ডিজিটেল সংবাদ, গোগামুখ : মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গোগামুখৰ লগতে ধেমাজিত। বিশেষকৈ মিচিং স্বায়ত্বশাসিত পৰিষদত নতুনকৈ সমষ্টি নিৰ্ধাৰণ তথা অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰাক লৈ অনামিচিং লোকসকলে তীব্ৰ বিৰোধিতা কৰিছে।
কেইজনমান মুষ্টিমেয় লোকক মেনেজ কৰি মিচিং স্বায়ত্বশাসিত পৰিষদে অসমীয়া গাঁওসমূহক মিচিঙৰ অধীন কৰিব বিচৰা কাণ্ডত জাঙুৰ খাই উঠিছে অনামিচিঙ লোকসকল। অনামিচিং এলেকাধীন নৈ, বিল ,জান জুৰি, বজাৰ ,ঘাট সকলো দখল কৰি পৰিষদৰ পৰিসীমা বহল কৰিব বিচৰা কাণ্ডত ক্ষান্ত নাথাকে অনামিচিং ৰাইজ।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ এনেবোৰ কাৰ্যৰ বিৰোধিতাৰে শুকুৰবাৰে গোগামুখ কঁপাই তুলিবলৈ সাজু হৈছে গোগামুখ অনামিচিং ঐক্য মঞ্চ। ত্ৰিশ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সমগ্ৰ গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰিব অনামিচিং ঐক্য মঞ্চই।
গণসত্যাগ্ৰহ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ কৰিব অনামিচিং ঐক্য মঞ্চই। বুধবাৰে গোগামুখত এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে গোগামুখ অনামিচিঙ ঐক্য মঞ্চই। এই প্ৰতিবাদী কাৰ্যসূচীত বহু কেইটা দল-সংগঠনে সহযোগিতা আগবঢ়াব।