
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আঞ্চলিক দল অগপৰ ছাত্ৰ সংগঠনৰ জয়যাত্ৰা ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ২০২৩-২৪ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ' অসম ছাত্ৰ পৰিষদ' ৰ সমৰ্থিত উপ-সভাপতি , সাধাৰণ সম্পাদকে প্ৰমুখ্যে কৰি প্ৰায় আটাইবোৰ পদতে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে।
নিৰ্বাচনটিত উপ - সভাপতি পদত নৱজ্যোতি বৰা , সাধাৰণ সম্পাদক পদত শান্তনু শংকৰ ভৰালী , সহ : সাধাৰণ সম্পাদক পদত প্ৰানুজ্জ্বল বৰা , সাংস্কৃতিক সম্পাদক পদত সমীৰণ মেধি আৰু ছাত্ৰ - ছাত্ৰী সাহাৰ্য নিধি সম্পাদক পদত ধিমান বৰুৱা জয় হয়৷
ব্যামগাৰ সম্পাদিকা পদত হিয়াশ্ৰী শইকীয়া , সহ : সংগীত সম্পাদিকা পদত টিনামনি বৰা , সাহিত্য আৰু আলোচনী সম্পাদিকা পদত মেহফুজা বেগম ,সমাজ সেৱা সম্পাদিকা পদত কেনিছা আহমেদ , ছাত্ৰ - জিৰণি কোঠা সম্পাদক পদত অমৰদ্বীপ হাজৰিকা আৰু বহি: ক্ৰিয়া সম্পাদক পদত অভিষেক শইকীয়া জয় হয় ৷