অবৈধ ফাৰ্মাচীষ্টৰ হাতত প্ৰাণ হেৰুৱালে এজনে

টুপামাৰী আৰক্ষীয়ে দোষীক আটক কৰিবলৈ সক্ষম নহ'ল বুলি পৰিয়ালৰলোকৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
অবৈধ ফাৰ্মাচীষ্টৰ হাতত প্ৰাণ হেৰুৱালে এজনে

ডিজিটেল সংবাদ,সোণতলীঃ ৰাজ্যৰ গ্ৰামাঞ্চলত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচীষ্ট ৷ যাৰ ভুলৰ বলি হয় একাংশ সাধাৰণ লোক। এনে ঘটনা সংঘটিত হৈছে বকোৰ টুপামাৰীত।

Advertisment

পুনৰ অবৈধ ফাৰ্মাচিষ্টৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী দৰিদ্ৰ ব্যক্তিয়ে ৷ উল্লেখ্য যে যোৱা ৮ মাৰ্চৰ দিনা বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱৰ তিনি সন্তানৰ পিতৃ ফৰিজুল হকৰ ভুল চিকিৎসাৰ ফলত মৃত্যু হৈছিল।

জানিব পৰা মতে, উক্ত দিনা দৰিদ্ৰ ফৰিজুলে হাজিৰা কৰি ঘৰত অহাৰ পাছত শৰীৰত জ্বৰ অনুভৱ কৰে। পাছত ফৰিজুলে জয়বাংলা বজাৰত থকা মহম্মদ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানৰ ফাৰ্মাচী দোকানত চিকিৎসা কৰোৱাব যায়। অবৈধ ফাৰ্মাচীষ্ট হাফিজুৰ ৰহমানে বেমাৰ ভাল হবলৈ এটা ইনজেকচন প্ৰদান কৰে ৷

ইনজেকচন দিয়াৰ কিছু সময় পাছতে আকস্মিকভাৱে ফৰিজুল হ'কৰ মৃত্যু হয়। ইফালে ফৰিজুল হকৰ মৃত্যু হোৱাৰ পাছত চাৰিওফালে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয়। পাছত ফৰিজুলৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি টুপামাৰী আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে ঘটনাৰ ইমান পৰ হোৱাৰ পিছতো টুপামাৰী আৰক্ষীয়ে দোষীক আটক কৰিবলৈ সক্ষম নহ'ল বুলি পৰিয়ালৰলোকৰ অভিযোগ ৷ আনকি টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে তদন্ত অতি লেহেমীয়া কৰে বুলিও অভিযোগ তোলে ৷

ইফালে অবৈধ ফাৰ্মাচীষ্ট হাফিজুৰ ৰহমানে আৰক্ষীক গোপনে মেনেজ কৰি মুকলি আকাশৰ তলত ঘুৰি ফুৰাৰ সাহস পাইছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ সমস্ত খবৰ লাভ কৰি সদৌ অসম ৰেজিষ্টাৰ্ট ফাৰ্মাচীষ্ট সন্থাৰ এটা দলে সোমবাৰে দুৰ্ভগীয়া পৰিয়ালৰ ঘৰত উপস্থিত হৈ কিছু আৰ্থিক সহায় আগবঢ়ায় দোষীক আটক কৰিবলৈ দাবী জনায় লগতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই বুলি জানিবলৈ দিয়ে ৷

Also Read: চৰকাৰৰ ঋণ সন্দৰ্ভত বিধানসভা চৌহদতে
বিধায়ক অখিলক আগ ভেটি প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ুষে

pharmacist