/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nanaanan.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : স্বাধীনতাৰ অমৃত মহোৎসবৰ মাহেন্দ্ৰ ক্ষণৰ স্বকীয় স্বাক্ষৰ বহন কৰি দেওবাৰে ঢকুৱাখনা নগৰত সংযোজিত হ'ল এক নব্য দৃষ্টিনন্দন ধাৰা। ঢকুৱাখনা পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ অন্তৰ্গত অবিভক্ত চাউৰেক বৰপাত্ৰ গাঁৱত অৱস্থিত ঐতিহাসিক জয়সাগৰ বিলক ৰূপান্তৰিত কৰা হ'ল অমৃত সৰোবৰলৈ।
বৰ্তমানৰ চাউৰকীয়া গাঁওত অৱস্থিত এই ইতিহাস সমৃদ্ধ জয়সাগৰ বিলখন প্ৰকৃতি আৰু নৃগোষ্ঠীৰ সৃষ্ট বিভিন্ন কাৰকৰ বাবে মৃত্যুমুখী অৱস্থালৈ গতি কৰিছিল । ঐতিহাসিক ভাবে যথেষ্ট গুৰুত্ব বিশিষ্ট এই জয়সাগৰ বিলে যুগ যুগান্তৰ ধৰি অস্তিত্বৰ সংকটত ভোগী অহাৰ সময়তে শেহতীয়া ভাৱে ৰাজ্য চৰকাৰে অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে পুনৰোজ্জীৱিতকৰণৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/WhatsApp-Image-2022-08-14-at-6.46.25-PM-1024x611.jpeg)
মূলতঃ জল সংৰক্ষণ আৰু বিনন্দীয়া প্ৰাকৃতিক আৰু পাৰিপাৰ্শ্বিক সম্পদেৰে সমৃদ্ধিশালী কৰি তোলাৰ মহান উদ্দেশ্যেৰে এই বিলখনক অমৃত সৰোবৰলৈ উত্তৰণ ঘটোৱাৰ আঁচনি দেওবাৰে সফল বাস্তৱায়ন হল । প্ৰায় বিঘা ২২বিঘা ১১লেছা মাটি কালিৰে পৰিবেষ্টিত এই স্থানীয়ভাৱে প্ৰসিদ্ধ বিলখন পৰিস্কৰণ কৰি এক সুপৰিকল্পিত আৰু দৃষ্টিনন্দন পাৰিপাৰ্শ্বিক থলীলৈ ৰূপান্তৰিত কৰি তুলিলে ঢকুৱাখনা পৌৰ সভাই ।
পৌৰ সভাৰ তৎপৰতাত নব প্ৰাণ প্ৰস্ফুটিত হোৱা এই জয়সাগৰ অমৃত সৰোবৰখনক দেওবাৰে ৰাইজৰ নামত উৎসৰ্গা কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেয়ে। বিধায়ক গৰাকীয়ে দেওবাৰে দুপৰীয়া আয়তীৰ উৰুলী , গায়ন বায়ন , শংখ ঘণ্টাৰ মাংগলিক ধ্বনিৰ মাজত অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে ঐতিহাসিক ভাবে গুৰুত্ব বিশিষ্ট বিলখন পুনৰ উজ্জীৱিত কৰি শুভ উদ্ধোধন কৰে ।
এই সন্দৰ্ভত অমৃত সৰোবৰ মহোৎসৱ শীৰ্ষক এখন উদ্ধোধনী সভা ঐতিহাসিক জয়সাগৰ বিলৰ সমীপত অনুষ্ঠিত কৰে ঢকুৱাখনা পৌৰ সভাই । ঢকুৱাখনা পৌৰ সভাৰ সভাপতি ৰাজীৱ দাস , কাৰ্যবাহী বিষয়া অভিজাত বৰুৱা , সকলো পৌৰ আয়ুক্ত , পৌৰ সভাৰ সকলো বিষয়া কৰ্মচাৰী ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই , মহকুমাধিপতি অৰিন্দম বৰুৱা , বিজেপি দলৰ নেতৃত্ব ক্ৰমে প্ৰদীপ চমুৱা, বসন্ত শইকীয়া ,
যতীন বৰুৱাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট নাগৰিক ,অঞ্চলবাসী ৰাইজ উপস্থিত থকা উদ্ধোধনী সভাৰ আঁত ধৰে কেশৱ গগৈয়ে ।
স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে ৰজিতা খুৱাই অনুষ্ঠিত কৰা উদ্ধোধনী সভাত ঢকুৱাখনা সংগীত মহাবিদ্যালয় আৰু অনাতাঁৰ শিল্পী পাৰুলমনি পায়েং , স্থানীয় শিল্পী লক্ষ্য জ্যোতি বৰুৱাৰ দ্বাৰা পৰিবেশিত দেশ প্ৰেমমূলক গীতৰ মূৰ্ছনাই বাঙ্ময় কৰি তোলা সভাত জনাকীৰ্ণ উদ্ধোধনী সভাত "প্ৰকৃতি আৰু জল সংৰক্ষণ" বিষয়ত গৱেষণালব্ধ আৰু পৌৰাণিক আখ্যানৰ উদ্ধৃতিৰে মননশীল বক্তব্য আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ অমল চন্দ্ৰ দত্তই ।
সভাত " ঐতিহাসিক জয়সাগৰ বিলৰ ইতিবৃত্ত" সন্দৰ্ভত চমু অবলোকণ কৰে শিক্ষাবিদ কেশৱ গগৈয়ে। মহকুমাধিপতি অৰিন্দম বৰুৱাৰ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিধায়ক দলেয়ে এই ঐতিহাসিক জয়সাগৰ বিলক অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে সংৰক্ষণ কৰি থলুৱা মাছ ,কাছ আদি পালনেৰে প্ৰাকৃতিক জৈৱ বৈচিত্ৰ ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰিব বুলি সভাত ব্যক্ত কৰে ।
বিধায়কজনে বিলখনৰ চৌপাশ সেউজীয়াকৰণ কৰি অনাগত সময়ত এখন পৰিকল্পিত আৰু প্ৰণালীবদ্ধ পাৰিপাৰ্শ্বিক পাৰ্কলৈ উত্তৰণ ঘটাই জল সংৰক্ষণৰ লগতে সৌন্দৰ্য বৰ্ধনেৰে ঐতিহাসিক বিলখনৰ গৰিমা অটুট ৰাখিব বুলি কয় । ইয়াৰ বাবে তেওঁ স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰে । ইয়াৰ পূৰ্বে বিধায়ক দলেয়ে বিলৰ পাৰত গছপুলি ৰোপণ কৰাৰ লগতে জল পূজন সম্পন্ন কৰি বিলৰ বুকুত নৌকা বিহাৰো কৰে ।
আৰু পঢ়ক: স্বাধীনতাৰ প্ৰাকঃক্ষণত ব্ৰহ্মপুত্ৰত শুৱালকুছি নদী আৰক্ষী-ৰাইজৰ নৌকা সমদল