স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে স্বৰগমৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে স্বৰগমৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত

author-image
asomiyapratidin
New Update
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে স্বৰগমৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত

ডিজিটেল সংবাদ, নামৰূপ: স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু  দেশৰ সংখ্যক  স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নামৰূপৰ  শাস্ত্ৰীয় সংগীত আৰু ভাৱ সংগীতৰ শিক্ষণ কেন্দ্ৰ স্বৰগম ফাউণ্ডেশ্যনে   এলানি  বক্তৃতা  প্ৰতিযোগিতা , দেশ প্ৰেম মূলক গীত পৰিবেশন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতে মঙলবাৰে সন্ধিয়া ৬ বজাৰৰ পৰা  স্বৰগমৰ  কাৰ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

Advertisment

প্ৰায় ডেৰকুৰি প্ৰতিযোগীয়ে  অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত  বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট কবি, লেখিকা, সমালোচক গৌৰী চুবেদাৰ  বৰা আৰু নামৰূপ শিক্ষক প্ৰশিক্ষণ  মহাবিদ্যালয়ৰ অধ্যক্ষা  স্মৃতি দত্ত বৰাই।  বন্তি প্ৰজ্বলন কৰি  কৰি প্ৰতিযোগিতা খনি শুভ উদ্বোধন কৰে স্বৰগমৰ সচিব স্মৃতি ৰেখা কলিতাই। 

প্ৰতিযোগিতাখনিত বক্তৃতাৰ বিষয় বস্তু হ'ল – স্বামী বিবেকানন্দৰ ছাত্ৰ জীৱন আৰু বিবেকানন্দৰ জীৱনৰ চমু অবলোকন। দুটা শাখাত  অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত অসমীয়া , হিন্দী, আৰু ইংৰাজী ভাষাত  বক্তৃতা প্ৰদান কৰে প্ৰতিযোগী সকলে ।  ইফালে স্বৰগমে   ১৩ আগষ্টৰ পৰা  ১৫ আগষ্টলৈ  ছাত্ৰ ছাত্ৰী সকলৰ মাজত  শাস্ত্ৰীয় সংগীত, দেশপ্ৰেম মূলক গীত আৰু লোক সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰিব বুলিও আয়োজক সকলে জানিবলৈ দিছে।

আৰু পঢ়ক: নগাঁৱত দপ দপকৈ জ্বলি উঠিল এম্বুলেঞ্চ…

assam namrup