/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/madrasa.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: ৭৫ তম স্বাধীনতা দিৱসৰ বৰ্ষপুতি উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মানকাচৰৰ মীৰজুমালা হিফজুল কুৰআন ছিদ্দিকীয় মাদ্ৰাছাই তিনি দিনীয়াকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। দেওবাৰে মাদ্ৰাছা খনৰ প্ৰায় আঢ়ৈ শতাধিক ছাত্ৰৰ সহযোগত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মীৰজুমলাৰ পৰা এখন সমদল যাত্ৰা উলিওৱা হয়।
মাদ্ৰাছাৰ ছাত্ৰ সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ মীৰজুমলাৰ পৰা মানকাচৰ চহৰৰ মুল মুল পথত পৰিভ্ৰমণ কৰি সমদলটো পুনৰ মীৰজুমলাত উপস্থিত হৈ সমদল যাত্ৰাৰ কাৰ্যসূচী সামৰণি পেলায়। একেদৰে মাদ্ৰাছা খনত ছাত্ৰ কেইজনৰ লগতে স্থানীয় লোকক লৈ স্বাধীনতা দিৱস সম্পৰ্কে এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়। কাইলৈ পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত স্বাধীনতা দিৱস উপলক্ষে মাদ্ৰাছা খনত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগতিমুল কাৰ্যসূচী গ্ৰহন কৰা হব বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক: স্বাধীনতা দিৱত সাংবাদিক দেৱদত্ত ৰাভাক আগবঢ়াব ৰাভা স্বহীদ সোঁৱৰণী সাংবাদিকতা বঁটা