কলহভাঙা গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা সভা সম্পন্ন

কলহভাঙা গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
কলহভাঙা গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা সভা সম্পন্ন

ডিজিটেল সংবাদ,সৰভোগ : দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰী স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি তেওঁ এক মহৎ স্বপ্ন দাঙি ধৰিছিল।

Advertisment

অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুন্ঠ প্ৰেৰণাত অসমত ২০ চেপ্তেম্বৰ ২০২৩ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হয়। ইয়াৰ লগত সংগতি ৰাখি, বৰপেটা জিলাৰ কলহভাঙা গাওঁ পঞ্চায়তৰ বীৰঙ্গণা ভি অৰ উদ্যোগত আৰু আত্ম সহায়ক গোটৰ সহযোগত অমৃত কলহ যাত্ৰা সভা অনুষ্ঠিত কৰে।

২০ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি আজি পঞ্চায়তত মাটি সংমিশ্ৰণ কৰি এটা কলহত ভৰ্তি কৰে । পৰৱৰ্তী সময়ত এই মাটিখিনি দিলীলৈ যাব বুলি উল্লেখ কৰে ।

গাঁৱখনৰ বহুতো বয়োজেষ্ঠ মহিলাৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় ৫ শতাধিক মহিলাই অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলে।

Also Read: আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

Sarbhog