/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/PANCHAJANYA.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন হয় ড০ অমৰজ্যোতি চৌধুৰীৰ 'উশাহৰ মাজত' শীৰ্ষক গ্ৰন্থ। গ্ৰন্থমেলা বাকৰিৰ পাঞ্চজন্য ষ্টলৰ সমূখত উন্মোচন হোৱা এই গ্ৰন্থখনিৰ উন্মোচনী অনু্ষ্ঠানত উপস্থিত থাকে গল্পকাৰ, উপন্যাসিক, সমালোচক মৃদুল শৰ্মা, কবি সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, বিশিষ্ট কবি সমালোচক অনুভৱ তুলসী আৰু পাঞ্চজন্য বুকচৰ প্ৰকাশক ধীৰাজ কুমাৰ লহকৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি।
বিয়লি ৪ বজাত অনুষ্ঠিত গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে উপন্যাসিক মৃদুল শৰ্মাই।অনুষ্ঠানৰ আঁত ধৰি তেওঁ এয়া উন্মোচনী অনুষ্ঠান নহয় উচ্চৰ্গাৰ অনুষ্ঠান বুলি মন্তব্য কৰে।কোভিডৰ সময়ত মানৱ জাতিয়ে গভীৰ সংকটৰ মাজেৰে অতিক্ৰম কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে, এই সময়ছোৱাত প্ৰকৃত কোভিড যোদ্ধাসকলে যঠেষ্ট কষ্ট সাধ্য কৰাৰ লগতে বহুজনে প্ৰাণ হেৰুৱাই এই কোভিড যুদ্ধত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-07-at-6.54.49-PM-1024x1024.jpeg)
তেওঁলোকক বিষয় বস্তু কৰিয়েই গ্ৰন্থখন লিখা হৈছে বুলি তেওঁ মন্তব্য কৰে। অন্যহাতে উন্মোচক হিচাপে উপস্থিত থকা কবি অনুভৱ তুলসীয়ে ড০ অমৰ জ্যোতি চৌধুৰীৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাটো তেওঁৰ সৌভাগ্য বুলি মন্তব্য কৰে। গ্ৰন্থখনিৰ লেখক তথা দৈনিক অসমৰ কাকতৰ বৰ্তমানৰ মুখ্য সম্পাদক ড০ অমৰ জ্যোতি চৌধুৰীয়ে গ্ৰন্থখনৰ প্ৰসংগত বৰ্ণনা কৰে ইয়াৰ জন্মকাহিনী।
বিপদৰ পিছত আহি থকা বিপদবোৰৰ মাজতে চকুৰে নেদেখা কোৰোনা বিজানুৱে কিদৰে মানৱ সমাজ তচনচ কৰি পেলালে তেওঁ তাৰ বৰ্ণনা দিয়ে। তেওঁ কয় যে এই উশাহ বন্ধৰ সময় খিনিয়ে বাট-পথ, যাতায়ত সলনি কৰাৰ লগতে সলনি কৰিলে মানৱ জীৱন। মানুহক মুখা পিন্ধিবলৈ শিকালে, অনৱৰত হাত ধুই থাকিবলৈ শিকালে বুলিও উল্লেখ কৰি তেওঁ কিতাপ খন কোভিড যোদ্ধা সকললৈ উচ্চৰ্গা কৰাৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-07-at-6.54.48-PM-1-1024x1024.jpeg)
তেওঁ কয় যে সম্পৰ্ক, নতুন কোভিডসৃষ্ট পৰিৱেশৰ মাজতে মানুহৰ জ্ঞাতে বা অজ্ঞাতে মানুহৰ উশাহৰ মাজত ঠাই পালে এবিধ নতুন বিজানুৱে আৰু সেই কাহিনীকে সৰোগত কৰি তেওঁ লিখি উলিয়ালে এই উপন্যাস উশাহৰ মাজত।
এই অনুষ্ঠানত পাঞ্চজন্য বুকছৰ প্ৰকাশক ধীৰাজ কুমাৰ লহকৰে অনুষ্ঠানত উপস্থিত থকা আটাইকে ধন্যবাদ জনাই। উল্লেখ্য যে গ্ৰন্থখনিৰ বেতুপাট অংকন কৰিছে নৱ প্ৰজন্মৰ জনপ্ৰিয় বেতুপাট অংকন শিল্পী সঞ্জীৱ বৰাই।