ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে অসম সন্তানৰ স্বৰ্ণ পদক অৰ্জন…

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে অসম সন্তানৰ স্বৰ্ণ পদক অৰ্জন…

author-image
asomiyapratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে অসম সন্তানৰ স্বৰ্ণ পদক অৰ্জন…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক জিলিকালে অসমৰ সন্তানে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈ থকা ৮৭ সংখ্যক সৰ্বভাৰতীয় ৰে'লৱে এথলেটিকছ প্ৰতিযোগিতাত ২৯ আগষ্ট, সোমবাৰে অম্লান বৰগোঁহায়ে লাভ কৰিবলৈ সক্ষম হৈছে সোণৰ পদক।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি অসম সন্তান অম্লানে ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰত সোণৰ পদক অৰ্জন কৰিছে। অম্লানৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অসম এথলেটিকছ সন্থাৰ বিষয়ববীয়াসকল। সন্থাৰ বিষয়ববীয়াৰ লগতে অসম এথলেটিকছৰ প্ৰশিক্ষক নিপন দাসেও শুভেচ্ছা জনাইছে অম্লানক।

উল্লেখ্য যে অম্লানে ইতিমধ্যে এছিয়ান গেছমৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এনে প্ৰেক্ষাপটত অম্লানৰ এই প্ৰদৰ্শনে আশাবাদী কৰি তুলিছে সকলোকে। অসম এথলেটিকছ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰি শেহতীয়াকৈ যিসকল অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত ঈৰ্ষণীয় সফলতা লাভ কৰিছে সেইসকলৰ ভিতৰত অম্লান বৰগোঁহাই অন্যতম।