মানকাচৰ সীমান্ত প্ৰদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

মানকাচৰ সীমান্ত প্ৰদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

author-image
asomiyapratidin
New Update
মানকাচৰ সীমান্ত প্ৰদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

ডিজিটেল সংবাদ, মানকাচৰ: সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকী হেলিকপ্টাৰ যোগে দিনৰ প্ৰায় ১১ বজাত আহি উপস্থিত হোৱাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰে।

Advertisment

ইয়াৰ পাছতেই তেওঁ বিশাল কনভয়ৰে মানকাচৰৰ সাহাপাৰা বি এছ এফ কেম্প এলেকাত থকা কালো নদীৰ পাৰত থকা বি এছ এফ পহৰা টাৱাৰত উপস্থিত হয়। তাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি এছ এফৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

সীমান্ত সমস্যাক লৈ আলোচনা কৰাৰ সময়ত সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোক সকলে অমিত শ্বাহক দেখি জয় শ্ৰীৰাম আৰু জিন্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে। ফলত তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে সীমান্তৰ বি এছ এফ টাৱাৰৰ পৰা নামি ৰাইজৰ কাষত গৈ কৰমৰ্দন কৰি ৰাইজক অভিনন্দন জনাই উৎসাহিত কৰে।

ইয়াৰ পাছত দিনৰ ৰায় ১২.৩০ বজাত তেওঁ সীমান্তৰ পৰা মানকাচৰ বি এছ এফ কেম্পত উপস্থিত হৈ দুপৰিয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। ইয়াৰ পাছত তেওঁ দিনৰ প্ৰায় ১ বজাত পুনৰ কামাখ্যাবাৰী হেলিপেডৰ পৰা তামুলপুৰলৈ উৰা মাৰে।

আৰু পঢ়ক: বৰ্বৰ! ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰি গছত ওলমাই থ'লে মৃতদেহ

assam amit shah