আজি গেৰুৱা দলত সংযোজন হ'ব আন এক নতুন ঠিকনা...

আজি গেৰুৱা দলত সংযোজন হ'ব আন এক নতুন ঠিকনা...

ডিজিটেল ডেস্ক : ৰাজ্যিক বিজেপিয়ে লাভ কৰিবলৈ গৈ আছে এক নতুন ঠিকনা । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডাৰ উপস্থিতিত উদ্বোধন কৰা হ'ব বিজেপিৰ নৱ নিৰ্মিত ৰাজ্যিক কাৰ্যালয়টো ।

 জে পি নাড্ডা আৰু অমিত শ্বাহৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিনত লোৱা হৈছে এই কাৰ্যসূচী । দিনৰ ১০.৩০ বজাত বশিষ্ঠ চাৰিআলিত স্থিত এই ৬ মহলীয়া কাৰ্যালয়টো মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

পূৰ্বতে ঠিৰাং কৰা হেঙেৰাবাৰীৰ পৰিৱৰ্তে বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰা হৈছিল কাৰ্যালয়টো ।

আনহাতে, বিয়লি ১ বজাৰ পৰা খানাপাৰা খেল পথাৰত অনুষ্ঠিত কৰা হৈছে এক জন সমাৱেশৰ । প্ৰায় ৬ হেজাৰ লোকৰ উপস্থিতিত সভাত বহু গুৰুত্বপূৰ্ণ বিষয়ত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব অমিত শ্বাহে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in