/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4xEy36WAAAL_Gy.jpg)
ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিলে- প্ৰথমে হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। এই বিধেয়কখন গৃহীত কৰাৰ পাছতহে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নতীকৰণ কাম আৰম্ভ হ'ব।
নাগৰকিত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া ৰাষ্ট্ৰত থকা হিন্দু তথা বৌদ্ধ, শিখ আদি ধৰ্ম শৰণাৰ্থীসকলক ভাৰতলৈ আগমনৰ পথ সুনিশ্চিত কৰাৰ পাছতহে বিদেশী বিতাড়নৰ কাম কৰিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ঘোষণা কৰে। যি সময়ত অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তোলপাৰ লাগিছিল, সেই সময়তে অতি কৌশলেৰে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন কৰাৰ পৰা বিৰত আছিল শাসকীয় দলটো।
অৱশ্যে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি লিখিত ৰূপত উল্লেখ থাকিলেও, অসমত এই সন্দৰ্ভত বিজেপি নেতৃত্বই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ লক্ষণীয়ভাৱে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us