মণিপুৰ বহু দূৰ ! অমিত শ্বাহৰ ৩ দিনীয়া উত্তৰ পূব ভ্ৰমণ সূচীত নাই মণিপুৰ...

তিনি দিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই তিনি দিনীয়া ভ্ৰমণসূচীত তেওঁ অসমৰ উপৰিও মিজোৰামত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 

author-image
Tushar Pratim
New Update
মণিপুৰ বহু দূৰ ! অমিত শ্বাহৰ ৩ দিনীয়া উত্তৰ পূব ভ্ৰমণ সূচীত  নাই মণিপুৰ...

ডিজিটেল ডেস্কঃ তিনি দিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই তিনি দিনীয়া ভ্ৰমণসূচীত তেওঁ অসমৰ উপৰিও মিজোৰামত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 

Advertisment

কিন্তু লক্ষ্যণীয়ভাৱে তেওঁৰ এই ভ্ৰমণসূচীত নাই মণিপুৰ। প্ৰায় দুবছৰ ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ থকা মণিপুৰত এতিয়া চলি আছে ৰাষ্ট্ৰপতিৰ শাসন। ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ হৈ শাসন ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰিছে অজয় কুমাৰ ভল্লাই। 

ৰাষ্ট্ৰপতিৰ শাসনলৈ অহাৰ পাছতে ৰাজ্যখনৰ আইন, শৃংখলা পৰিস্থিতিক লৈ গৃহমন্ত্ৰাণালয়ৰ উচ্চ স্তৰীয় বিষয়ববীয়া, মণিপুৰৰ ৰাজ্যপালেৰে ইতিমধ্যে বৈঠকতো বহিছে গৃহমন্ত্ৰীগৰাকী। এই বৈঠকতে মণিপুৰৰ স্বাভাৱিক জীৱন ঘূৰাই অনাৰ উদ্দেশ্যৰে একাধিক সিদ্ধান্তও গ্ৰহণ কৰিছে। 

কিন্তু তাৰ পাছতো ৩ দিনকৈ উত্তৰ পূৰ্বাঞ্চলত অতিবাহিত কৰিবলৈ আহিবলগীয়া গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰ অভিমুখে যোৱাৰ সাহস কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত পুনৰ এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। সমালোচনাৰ সন্মুখীন হৈছে অমিত শ্বাহ।

উল্লেখ্য আজি দিল্লীৰ পৰা নিশাৰ ভাগত যোৰহাটত আহি উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। তাৰ পৰাই তেওঁ চিধাই আহিব দেৰগাঁৱত থকা লাচিত বৰফুকন পুলিচ একাডেমীলৈ। ইয়াতেই তেওঁ নৈশ যাপন কৰিব। 

উল্লেখ্য যে, লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰথম পৰ্যায়ৰ সংস্কাৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ১৬৭.৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্প তেওঁ শনিবাৰে পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। তাৰোপৰি তেওঁ একাডেমীখনৰ দ্বিতীয় পৰ্যায়ৰ সংস্কাৰৰ বাবে ৪২৫.৪৮ কোটি ব্যয় সাপেক্ষে আন এক প্ৰকল্পৰো শিলন্যাস কৰিব। 

ইয়াৰ পিছত তেওঁ চিধাই উৰা মাৰিব মিজোৰামলৈ। মিজোৰামত আছাম ৰাইফলছৰ একা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছাঙলৈ অসম ৰাইফলছত স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ সৈতেই জড়িত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ ঘূৰি আহিব গুৱাহাটীলৈ। 

শনিবাৰে নিশা গুৱাহাটীতে পাৰ কৰি দেওঁবাৰে পুৱা তেওঁ যাব কোকৰাঝাৰৰ দতমালৈ। দতমাত অনুষ্ঠিত হৈ আছে ৫৭ সংখ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন। এই অধিবেশনৰ মুকলি সভাত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বি টি চিৰ মুৰব্বী প্ৰমোদ বড়ো আদি নেতাই। 

এই কাৰ্যসূচী সামৰি বিয়লি গুৱাহাটীলৈ উভতি আহিব। গুৱাহাটীত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক হাইভল্টেজ বৈঠকত মিলিত হ’ব। এই বৈঠক শেষ হোৱাৰ পাছত নিশা তেওঁ চিধাই নতুন দিল্লীলৈ উৰা মাৰিব। 

তিনিদিনীয়া এই ভ্ৰমণত গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব যদিও মণিপুৰক পুনৰ এবাৰ একাষৰীয়া কৰাৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

 

মণিপুৰ অমিত শ্বাহ