তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত অমিত শ্বাহ-জে পি নাড্ডা...

ৰাজ্যিক বিজেপিৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
amit shah & jp nadda
amit shah & jp nadda

ডিজিটেল ডেস্ক : তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। ৭ অক্টোবৰৰ সন্ধিয়া দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতা গুৱাহাটীত উপস্থিত হয়।

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত দুয়োগৰাকী নেতাক আদৰণি জনাই মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ কৰ্মীসকলে।

৮ অক্টোবৰত গুৱাহাটীৰ বশিষ্ঠত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হ'ব আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব অমিত শ্বাহ আৰু জে পি নাড্ডাই। বশিষ্ঠত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এক বৃহৎ কাৰ্যালয়।

উল্লেখ্য যে কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি দলৰ নেতা-কৰ্মীসকল।

৭ অক্টোবৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল। আগন্তুক নিৰ্বাচনৰ লগতে বান পৰিস্থিতিৰ সন্দৰ্ভত দলৰ নেতা-কৰ্মীৰ সৈতে বৈঠকত আলোচনা কৰিব দুই ৰাষ্ট্ৰীয় নেতাই।

আনহাতে ৮ অক্টোবৰৰ দিনৰ ১ বজাত খানাপাৰা ভেটেনেৰী কলেজ খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপিৰ বিষয়ববীয়াৰে বৈঠক মিলিত হ'ব গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in