শ্বাহ-নাড্ডাৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন, খানাপাৰা খেলপথাৰত বিশাল জনসভাৰ আয়োজন...

দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে বশিষ্ঠস্থিত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰিব অমিত শ্বাহে
j p nadda & amit shah
j p nadda & amit shah

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অসম ভ্ৰমণৰ শনিবাৰে দ্বিতীয়টো দিন। দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে বশিষ্ঠস্থিত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰিব অমিত শ্বাহে। আনহাতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই।

শনিবাৰে পুৱা ১০.৩০ বজাত বিজেপিৰ নৱ-নিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰা হ'ব। তাৰ পাছতেই বিয়লি ১ বজাৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল জনসভা। এই জনসভাত অসমৰ বিভিন্ন প্ৰান্তৰ বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব।

আনহাতে, দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই শনিবাৰে ৪ বজাত ‘ড্রাগছমুক্ত উত্তৰ-পূব’ বিষয়ত এক বৈঠকত অংশগ্রহণ কৰিব। সন্ধিয়া ৬ বজাত উত্তৰ-পূব মহাকাশ কেন্দ্রৰ এক বৈঠকতো অংশগ্রহণ কৰিব দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in