নাহে অমিত শ্বাহে, মুখ্যমন্ত্ৰীয়ে জনালে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক...

বাতিল হোজাইৰ জনসভাও
নাহে অমিত শ্বাহে, মুখ্যমন্ত্ৰীয়ে জনালে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক...
নাহে অমিত শ্বাহে, মুখ্যমন্ত্ৰীয়ে জনালে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক...

ডিজিটেল ডেস্কঃ অৱশেষত বাতিল হ'ল গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ। প্ৰথমে ১৪ মাৰ্চত অসম ভ্ৰমণ নিৰ্ধাৰণ হোৱা গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী এদিন পিছুৱাই ১৫ মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল যদিও অৱশেষত সেই ভ্ৰমণ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে।

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল। এই কাৰ্যসূচীসমূহৰ ভিতৰত আছিল বটদ্ৰৱা থান প্ৰকল্পৰ উদ্বোধন। এই অনুষ্ঠানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিয়েই তেওঁ বটদ্ৰৱা থান পৰিদৰ্শন কৰাৰো কথা আছিল।

একেটা দিনতে হোজাইত তেওঁ সম্বোধন কৰাৰ কথা আছিল এক বিশাল জনসভা। এই জনসভাৰ বাবে সকলো প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছিল। কিন্তু তাৰ মাজতে ১৩ মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক মেচেজৰ জৰিয়তে এই ভ্ৰমণ বাতিল কৰাৰ কথা অৱগত কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীক অৱগত কৰা অনুসৰি বটদ্ৰৱা থানলৈ নিৰ্বাচনৰ পাছতহে আহিব গৃহমন্ত্ৰীগৰাকী।

নাহে অমিত শ্বাহে, মুখ্যমন্ত্ৰীয়ে জনালে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰক...
পাঁচ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in