/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/eb0f267e-18e5-4532-ba86-8e453bd778a4/aminul.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত টুকটুকীত এ আই ইউ ডি এফৰ তত্বাৱধায়ক সকলৰ এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এ আই ইউ ডি এফৰ বটদ্ৰৱা সমষ্টি কমিটিৰ সভাপতি আবুল কাছেম চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰটোত সমষ্টিটোৰ ১৫ খন আঞ্চলিক কমিটিৰ তত্বাৱধায়ক সকলক প্ৰশিক্ষণ দিয়া হয়।
শিবিৰটোত নগাঁও জিলা সমিতিৰ সভাপতি বদৰুজ্জুহা চৌধুৰী উপস্থিত থাকি তত্বাৱধায়ক সকলক দলৰ কৰ্মপন্থা আৰু লক্ষ্য উদ্দেশ্য ৰাইজৰ আগলৈ নি দলটিক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰশিক্ষণ শিবিৰটোত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মিঞা মিউজিয়ামক লৈ বিজেপিয়ে মেৰু বিভাজনৰ ৰাজনীতি কৰিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।
শিবিৰটোত প্রভাৰী হবিবুৰ ৰহমানে এ আই ইউ ডি এফ দলৰ সকলো কর্মীক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হবলৈ আহ্বান জনায়। প্ৰশিক্ষণ শিবিৰটোত এ আই ইউ ডি এফৰ নেতা ফকৰ উদ্দিন, আব্দুল মতিন আৰু নচিম আহমেদেও বক্তব্য ৰাখে। শিবিৰটোত এ আই ইউ ডি এফৰ নগাঁও জিলা সমিতিৰ বিষয় ববীয়া সকল ,বটদ্ৰৱা সমষ্টি কমিটিৰ বিষয় ববীয়া সকলৰ লগতে সমষ্টিৰ প্ৰায় ১৫ খন আঞ্চলিক সমিতিৰ তত্বাৱধায়ক সকল উপস্থিত আছিল।