/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/amingaon.jpg)
ডিজিটেল সংবাদ, দুমুনিচকী : মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ বেজেৰাত শিক্ষয়িত্ৰীয়ে নিজ বাসগৃহত চলাইছে অংগনবাড়ী কেন্দ্ৰ। শিক্ষয়িত্ৰী ৰিতা বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে সন্ধিয়া শিক্ষয়িত্ৰী গৰাকীক উভতি ধৰিলে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে।
স্থানীয় অভিভাৱকে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতি গঠন কৰা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে। নিজ মই মতালিৰে সমিতি গঠন কৰি বছৰেকৰ মূৰত হিচাপ দাখিল কৰাৰ পৰা শিক্ষয়িত্ৰী গৰাকী বিৰত থাকে বুলি উল্লেখ কৰে ক্ষুদ্ধ অভিভাৱক সকলে।
উল্লেখ্য যে জন্মৰ পৰা ৩ বছৰ বয়সৰ ৩০ টা শিশু আৰু ৩ বছৰ বয়সৰ পৰা ৬ বছৰ বয়সৰ ২৮ টা শিশু উক্ত অংগনবাড়ী কেন্দ্ৰটোৰ এলেকাধীন বুলি শিক্ষয়িত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। কিন্তু তাৰ বিপৰীতে অংগনবাড়ী কেন্দ্ৰটোত মাত্ৰ তিনিটা শিশুহে ৰাতিপুৱাৰ ভাগত উপস্থিত হয় বুলি জানিবলৈ দিয়ে।