ভক্তৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ, আৰম্ভ অম্বুবাচী মেলা...

আৰম্ভ হ'ল অম্বুবাচী মেলা। নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি।

author-image
Asomiya Pratidin
New Update
ভক্তৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ, আৰম্ভ অম্বুবাচী মেলা...

ফাইল ফটো

ডিজিটেল ডেস্কঃ আৰম্ভ হ'ল অম্বুবাচী মেলা। নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ।

Advertisment

২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। দেশ-বিদেশৰ অসংখ্য ভক্ত, সাধু-সন্যাসীৰ সমাগামেৰে এতিয়া উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু।এই উথপথপৰ মাজতে আৰম্ভ হৈছে বিখ্যাত অম্বুবাচী মেলা।

অম্বুবাচী মেলাক লৈ নিৰাপত্তামূলক ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে। মোতায়েন কৰা হৈছে সহস্ৰাধিক নিৰাপত্তাৰক্ষী। নিয়োজিত কৰা হৈছে বহু স্বেচ্ছাসেৱক। সৰ্তকতামূলক ব্যৱস্থা হিচাপে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষী প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষই সকলোকে অম্বুবাচী মেলা সুকলমে পাৰ কৰাই নিয়াৰ বাবে সহযোগিতা বিচাৰিছে।

Also Read: মন্ত্ৰী অশোক সিংঘল নেতৃত্বাধীন সীমা নিৰ্ধাৰণ কমিটিক "বঙালী বিৰোধী" আখ্যা
কাছাৰ বিজেপিৰ

Ambubachi kamakhaya