বৃহত্তৰ অম্বিকাগিৰী নগৰৰ দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থৰ বাবে লেখাৰ আহ্বান…

বৃহত্তৰ অম্বিকাগিৰী নগৰৰ দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থৰ বাবে লেখাৰ আহ্বান…

author-image
asomiyapratidin
New Update
বৃহত্তৰ অম্বিকাগিৰী নগৰৰ দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থৰ বাবে লেখাৰ আহ্বান…

ডিজিটেল ডেস্ক : সমাগত শাৰদী উৎসৱ দুৰ্গা পূজা। প্ৰত্যেক বছৰৰ দৰে এইবছৰো গুৱাহাটীৰ বৃহত্তৰ অম্বিকাগিৰী নগৰৰ শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিয়ে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্গা পূজা উপলক্ষে বৃহত্তৰ অম্বিকাগিৰী নগৰৰ দুৰ্গা পূজা সমিতিয়ে 'ধৰিত্ৰী' স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ যো-যা চলাইছে।

যদি কোনো ব্যক্তিয়ে এই স্মৃতিগ্ৰন্থৰ বাবে লিখনি দিব বিচাৰে তেন্তে অহা ১১ ছেপ্টেম্বৰৰ ভিতৰত লিখনিসমূহ জমা দিবলৈ অনুৰোধ জনাইছে। লিখনিসমূহ লক্ষ্মী মন্দিৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। আনহাতে লিখনিসমূহ ৫০০ শব্দৰ ভিতৰত হোৱাটো বাঞ্ছনীয়।

লিখনি সমূহ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি অথবা আধ্যাত্মিক ভাৱ ধাৰাৰ হোৱাটো বাঞ্ছনীয় বুলি উল্লেখ কৰিছে পূজা কমিটিয়ে। অধিক তথ্যৰ বাবে যোগাযোগ কৰিবলৈ – ৯৮৬৪০৮১৫৯২ ফোন কৰিব পাৰে।

assam guwahati