আজিৰে পৰা আৰম্ভ পৱিত্ৰ অমৰনাথ যাত্ৰা, ৩ বছৰৰ অন্তত শিৱলিংগ দৰ্শনৰ বাবে ভক্ত…

আজিৰে পৰা আৰম্ভ পৱিত্ৰ অমৰনাথ যাত্ৰা, ৩ বছৰৰ অন্তত শিৱলিংগ দৰ্শনৰ বাবে ভক্ত…

author-image
asomiyapratidin
New Update
আজিৰে পৰা আৰম্ভ পৱিত্ৰ অমৰনাথ যাত্ৰা, ৩ বছৰৰ অন্তত শিৱলিংগ দৰ্শনৰ বাবে ভক্ত…

ডিজিটেল ডেস্ক: আজি ৩০ জুনৰ পৰা আৰম্ভ অমৰান যাত্ৰা। ননুবান আধাৰ শিবিৰৰ পৰা ২,৭৫০ তীৰ্থযাত্ৰীয়ে দক্ষিণ কাশ্মীৰ হিমালয়স্থিত অমৰনাথৰ বাবে ৰাওনা হৈছে।

Advertisment

উপায়ুক্ত পীযুষ সিংগলাই অনন্তনাগ জিলাৰ পহলাগামৰ পৰা সেউজীয়া পতাকা দেখুৱাই এই যাত্ৰী সকলৰ যাত্ৰা আৰম্ভ কৰায়।  তেওঁ কয় যে ৪৩ দিনীয়া অমৰনাথ যাত্ৰাৰ সুকলমে পাৰ কৰাবলৈ সকলোধৰণৰ ব্যৱস্থায়েই কৰা হৈছে।

তেওঁ কয় যে, আমি নিশ্চিত কৰিছো যে তীৰ্থযাত্ৰী সকলে সুৰক্ষিত অনুভৱ কৰক আৰু সকলো শান্তি পূৰ্ণভাৱে হৈ যাওক। আশা কৰো তীৰ্থযাত্ৰী সকলে পৱিত্ৰ গুহাত থকা শিৱলিংগৰ দৰ্শন শান্তিপূৰ্ণভাৱেই কৰক।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হাই বুধবাৰে পুৱা জম্মু চহৰৰ ভগৱতী নগৰ আধাৰ শিৱিৰৰ পৰা বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে ৪,৮৯০ গৰাকী তীৰ্থযাত্ৰীক  কাশ্মীৰৰ পহলগাম আৰু বালতাল আধাৰ শিৱিৰৰ যাত্ৰাৰ বাবে ৰাওনা কৰায়।

উল্লেখ্য যে প্ৰায় ৩ বছৰৰ অন্তত এইবাৰ হৈছে অমৰনাথ যাত্ৰা। গতিকে এইবাৰ যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণাও আছে যাৰ ববাে অনলাইন দৰ্শনৰ ব্যৱস্থাও কৰা হৈছে। এই অমৰনাথ যাত্ৰা ১১ আগষ্টত অন্ত পৰিব।

আৰু পঢ়ক: ৩ গৰু চোৰ গণপ্ৰহাৰৰ বলি মেঘালয়ত, মানকাচৰৰ পৰা গৈছিল আটাইকেইজন…

amarnath yatra Jammu Kashmir