/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/317cc9e4-5e22-4baf-a6cd-a8275a8a397c/gg.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাওঁ নিবাসী তথা বিজেপি দলৰ হাওৰাঘাট ভি ডি চি'ৰ প্ৰাক্তন আৰু প্ৰথম চেয়াৰমেন অমৰ ইংতি(৫১)ৰ মঙলবাৰে পুৱাৰ ভাগত হৃদ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয় । তেওঁৰ মৃত্যুত হাওৰাঘাট অঞ্চলৰ বহু বিজেপিৰ কৰ্মী আৰু তেওঁৰ শুভাকাংক্ষীসকলে উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।
তেওঁ এসময়ত এগৰাকী ফুটবল খেলুৱৈ আৰু ৰেফাৰীও আছিল। এসময়ত পান ইংতি গাঁৱৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী , দুই পুত্ৰ আৰু আত্মীয় স্বজনক এৰি গুচি যায় । তেওঁৰ মৃত্যুত হাওৰাঘাট অঞ্চলটোত শোকৰ ছাঁ পেলায় ।
Also Read: বৈঠক ত্যাগ লালু প্ৰসাদ আৰু নীতিশ কুমাৰৰ, বিৰোধী মৰ্চাত এতিয়া চলিছে নেতাৰ অভিমান
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us