/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7be0d0b7-773b-464d-98b4-c7ac45a8ef41/AMA.jpg)
ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ হিমস্খলনৰ ফলত মৃত্যু হোৱা অসমৰ দীপশিখা হাজৰিকা আৰু আন পৰ্বতাৰোহী সকলৰ প্ৰতি অন্তিম শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ ৮ অক্টোবৰ, শনিবাৰে সন্ধিয়া অসম পৰ্বতাৰোহণ সন্থাই নেহেৰু ষ্টেডিয়াম, উলুবাৰীত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীৰ। এই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম পৰ্বতাৰোহণ সন্থাৰ সকলো সদস্য আৰু দু:সাহসিক ক্ৰীড়া প্ৰেমীক আহ্বান জনাইছে ।
উল্লেখ্য যে, অসমৰ দীপশিখা হাজৰিকাই উত্তৰাখণ্ডৰ নেহেৰু ইনষ্টিটিউট অৱ মাউন্টেনাৰিঙত নামভৰ্তি কৰিছিল পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে । প্ৰশিক্ষণ কালতেই হোৱা হিমস্খলনৰ বাবে দীপশিখাৰ সৈতে ৩৩ গৰাকী পৰ্বতাৰোহণকাৰী আৰু ৭ গৰাকী প্ৰশিক্ষক নিখোজ হৈছিল বৰফৰ মাজত । এই দুৰ্ঘটনাৰ ৩ দিন পাছত শনিবাৰে উদ্ধাৰ কৰা হৈছিল দীপশিখাৰ মৃতদেহ ।