তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ...

তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩
তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩ ৷

গান্ধীবাৰী আৰক্ষীৰে গাঞ্জাসহ এল্ট গাড়ী এখন দ্বাৰকুছি অভিমুখে আহি থকাৰ খবৰ লাভ কৰে ৷ গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মইদুল ইছলামৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত অভিযান চলায় ৷ দ্বাৰকুছি অঞ্চলত আৰক্ষীয়ে পিছে পিছে খেদিবলৈ ধৰে ৷

অৱশেষত গাঞ্জা কঢ়িয়াই অনা ব্যৱসায়ীয়ে আৰক্ষীৰ অৱস্থিতিৰ কথা গম পাই এল্টসহ গাঞ্জা খিনি এৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ উদ্ধাৰ হোৱা গাঞ্জাৰ চৈধ্যটা প্লাষ্টিকৰ পেকেটত পোৱা গৈছে ৷ একোটা পেকেটত পাঁচ কিলগ্ৰাম কৈ আছে গাঞ্জা ৷

জব্দকৃত গাঞ্জাৰ পৰিমান ৭০ কিলগ্ৰাম ৷ আৰক্ষীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱা গাঞ্জাৰ বজাৰ মূল্য দুই লক্ষ্যাধিক টকা ৷ আৰক্ষীয়ে এল্ট গাড়ী সহ গাঞ্জাখিনি তামুলপুৰ থানালৈ আনে ৷ ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ...
চোৰাং গো-ধন সৰবৰাহৰ বাহন মোকলাবলৈ আহি আৰক্ষীৰ জালত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in