বড়ো ভাষাৰ ‘গাং ফুজানায় মাসে দাও’ আৰু ‘লাংগোনানি বখালি গথ’ গ্ৰন্থলৈ সাহিত্য অকাডেমী…

বড়ো ভাষাৰ ‘গাং ফুজানায় মাসে দাও’ আৰু ‘লাংগোনানি বখালি গথ’ গ্ৰন্থলৈ সাহিত্য অকাডেমী…

author-image
asomiyapratidin
New Update
বড়ো ভাষাৰ ‘গাং ফুজানায় মাসে দাও’ আৰু ‘লাংগোনানি বখালি গথ’ গ্ৰন্থলৈ সাহিত্য অকাডেমী…

ডিজিটেল ডেস্কঃ সাহিত্য একাডেমীয়ে বুধবাৰে ঘোষণা কৰিলে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু বঁটা। সেই অনুসৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত ইতিমধ্যে গল্প চৰ্চাৰ জৰিয়তে পৰিচিত হৈ পৰা যুৱ গল্পকাৰ তথা মুনীন বৰকটকী বঁটা প্ৰাপক প্ৰদ্যুম্ন কুমাৰ গগৈয়ে লাভ কৰিলে সাহিত্য অকাডেমীৰ যুৱ বঁটা। তেওঁৰ "চকী আৰু অন্যান্য গল্প" গ্ৰন্থখনৰ বাবে লাভ কৰিলে এই বঁটা।

আনহাতে বড়ো ভাষাত সাহিত্য চৰ্চাৰে বিশেষ জনপ্ৰিয়তা লাভ কৰা অলংবাৰ মুছাহাৰীয়ে লাভ কৰিলে বড়ো ভাষাৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা। তেওঁৰ "গাং ফুজানায় মাসে দাও" গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে।

একেদৰেই বড়ো ভাষাত শিশু সাহিত্য চৰ্চাৰ জৰিয়তে খ্যাতি অৰ্জন কৰা শিক্ষক দেওবৰ ৰামচিয়াৰীলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্যৰ বঁটা। ৰামচিয়াৰীয়ে 'লাংগোনানি বখালি গথ' গ্ৰন্থৰ বাবে লাভ কৰিলে সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা। দুয়োগৰাকী বড়ো সাহিত্যিকলৈ বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে অসমীয়া ভাষাৰ শিশু সাহিত্যৰ বাবে সাংবাদিক, লেখক দিগন্ত ওজালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্যৰ সাহিত্য অকাডেমী বঁটা। তেওঁৰ "ডাঙৰ মানুহৰ সাধু" গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা।

"সাহিত্য অকাডেমীয়ে আগবঢ়োৱা এই বৰ্ষৰ যুৱ বঁটা আৰু শিশু সাহিত্যৰ বঁটা লাভ কৰা ৪ গৰাকী লেখকে বিভিন্নজনে সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰিওগৰাকী লেখকলৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমত লিখিছে এইদৰে-

অসমীয়া আৰু বড়ো ভাষাত ২০২২ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰপ্ৰাপ্ত ক্ৰমে শ্ৰী প্ৰদ্যুম্ন কুমাৰ গগৈ আৰু শ্ৰী অলংবাৰ মুচাহাৰী তথা অসমীয়া আৰু বড়ো ভাষাত শিশু সাহিত্য পুৰস্কাৰপ্ৰাপ্ত ক্ৰমে শ্ৰী দিগন্ত ওজা আৰু শ্ৰী দেওবৰ ৰামচিয়াৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসমৰ সাহিত্য জগতৰ বাবে এয়া আনন্দ আৰু গৌৰৱৰ বতৰা। কেউগৰাকী সাহিত্যিকে অসমীয়া তথা বড়ো ভাষাক সমৃদ্ধ কৰি সৃষ্টিৰ ধাৰা অব্যাহত ৰখাৰ লগতে নতুন প্ৰজন্মক এই সৃষ্টিশীল পৃথিৱীখনত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিব বুলি আমি আশাবাদী। আটাইলৈ মোৰ আন্তৰিক শুভকামনা থাকিল।"