মঙলদৈ ক্ৰীড়া সন্থাক লৈ একাংশই ব্যৱসায় চলোৱাৰ অভিযোগ ক্ৰীড়া সংগঠকৰ...

"প্ৰায় তিনি কোটি টকাৰ হিচাপ মিলাব নোৱাৰাৰ বাবেই সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ সাহস কৰা নাই সাধাৰণ সম্পাদকে"
মঙলদৈ ক্ৰীড়া সন্থাক লৈ একাংশই ব্যৱসায় চলোৱাৰ অভিযোগ ক্ৰীড়া সংগঠকৰ...

ডিজিটেল সংবাদ, মঙলদৈ ঃ "মঙলদৈ ক্ৰীড়া সন্থাৰ বৰ্তমানৰ সমিতিখনে নীতি বহিৰ্ভুতভাবে চাৰি বছৰীয়া কাৰ্যকালৰ পৰিৱৰ্তে ছবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে। ক্ৰীড়া সন্থাৰ সংবিধান অনুসৰি প্ৰতিবছৰেই একোখনকৈ সাধাৰণ সভা অনুষ্ঠিত কৰি পৰীক্ষীত হিচাপ দাখিল কৰিব লাগে যদিও ছবছৰত এবাৰলৈও হিচাপ দাখিল নকৰিলে। তেওঁলোকে জালিয়াতি কৰি সংবিধান সংশোধন কৰিছে। আনহাতে ক্ৰীড়া সন্থাটোক লৈ সাধাৰণ সম্পাদকে ব্যৱসায় চলাই আহিছে।" - এই অভিযোগ মঙলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ তালুকদাৰৰ।

উল্লেখযোগ্য যে বৰ্তমানৰ সভাপতি প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু সাধাৰণ সম্পাদক উদ্যোগপতি অনুপম ডেকাই সাধাৰণ সভা অনুষ্ঠিত কৰাৰ বাবে তিনিবাৰকৈ কাৰ্যনিৰ্বাহক সভাত তাৰিখ নিৰ্ধাৰণ কৰিও সাধাৰণ সভা অনুষ্ঠিত নকৰাৰ ৰহস্য কি বুলি তালুকদাৰে প্ৰশ্ন কৰে।

দেওবাৰে মঙলদৈ প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক প্ৰদীপ তালুকদাৰে কয় যে, ২০২২ চনৰ ১৬ অক্টোবৰ, চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰী আৰু ২৬ মাৰ্চত তিনিবাৰকৈ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰিছিল। কিন্তু প্ৰায় তিনি কোটিতকৈও অধিক টকাৰ হিচাপ মিলাব নোৱাৰাৰ বাবেই সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ সাধাৰণ সম্পাদকে সাহস কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে।

দেওবাৰে মঙলদৈ প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক প্ৰদীপ তালুকদাৰে কয় যে, "২০২২ চনৰ ১৬ অক্টোবৰ, চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰী আৰু ২৬ মাৰ্চত তিনিবাৰকৈ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰিছিল।" কিন্তু প্ৰায় তিনি কোটিতকৈও অধিক টকাৰ হিচাপ মিলাব নোৱাৰাৰ বাবেই সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ সাধাৰণ সম্পাদকে সাহস কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আনহাতে ক্ৰীড়া সন্থাৰ অন্তৰ্ভুক্ত ডায়মণ্ড ক্লাব আৰু প্ৰিমিয়াৰ ক্লাবৰ এফিলিয়েচন থকাৰ পিছতো ক্লাব দুটালৈ নথি পত্ৰ আৰু চৰকাৰী পঞ্জীয়ন প্ৰমাণ পত্ৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰা কাৰ্যত তেওঁ আচৰ্য প্ৰকাশ কৰি কয় যে, "মঙলদৈ ক্ৰীড়া সন্থাই বিগত ৩৮ বছৰে নিজৰ পঞ্জীয়নেই নবীকৰণ কৰা নাই। তেনে ক্ষেত্ৰত তেওঁলোকে আনৰ পঞ্জীয়ন বিচৰাটো হাস্যকৰ।"

২২ মে'ত পুনৰ সাধাৰণ সভাৰ তাৰিখ নিৰ্ধাৰণৰ বাবে এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে যদিও সেই তাৰিখতো যে সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰিব তাত সন্দেহ আছে বুলি বৰ্ষীয়ান ক্ৰীড়া সংগঠক গৰাকীয়ে কয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in