আমগুৰিৰ পৌৰসভা কাৰ্যালয়ৰ সন্মূখত শতাধিক লোকৰ প্ৰতিবাদ

আমগুৰি পৌৰসভাৰ অন্তৰ্গত এলেকাত অৰুনোদয় আঁচনিৰ হিতাধীকাৰী নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। এই অনিয়মৰ বিৰুদ্ধে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আমগুৰি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মূখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অৰুণোদয় আঁচনিত অনিয়মৰ অভিযোগ

অৰুণোদয় আঁচনিত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ, নামতি: আমগুৰি পৌৰসভাৰ অন্তৰ্গত এলেকাত অৰুনোদয় আঁচনিৰ হিতাধীকাৰী নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। এই অনিয়মৰ বিৰুদ্ধে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা তথা অসমীয়া যুৱ মঞ্চ‌ৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমগুৰি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মূখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

পৰৱৰ্তী সময়ত পৌৰসভাৰ কৰ্তৃপক্ষৰ লগতে ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত প্ৰতিবাদ স্থগিত ৰখা হয়। উল্লেখযোগ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ হিতাধীকাৰী নিৰ্বাচনত বৃহৎ অনিয়মৰ অভিযোগত সংগঠন কেইটাই অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।

হিতাধীকাৰী