‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’, লাখ লাখ টকা আত্মসাতৰ অভিযোগ…

‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি’, লাখ লাখ টকা আত্মসাতৰ অভিযোগ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, বোকাখাত: প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন আৱন্টনৰ ক্ষেত্ৰত ৰাজ্যত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ হৈ চৈ মাৰ নৌযাওতেই ৰাজ্যত পুনৰ উন্মোচিত হৈছে আন এক দুৰ্নীতিৰ তথ্য।

Advertisment

এইবাৰ ৰাজ্য চৰকাৰৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত ' পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য।

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ নামত এইবাৰ বোকাখাতৰ বিহৰা সাপ্তাহিক ছাগলী বজাৰৰ ভুৱা ৰছিদ ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি বোকাখাতৰ বিহৰা ছাগলী বজাৰৰ ভুৱা ৰচিদ বহি চপা কৰি বোকাখাতৰেই সুজিত ভুঞা আৰু নবিৰুল নামৰ দুই ব্যক্তিয়ে বিহৰা ছাগলী বজাৰৰ পৰা ভুৱাকৈ ছাগলী ক্ৰয় কৰা দেখুৱাই ইতিমধ্যে আত্মসাৎ কৰিছে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি'ৰ ৫ লক্ষাধীক টকা।

শেহতীয়াকৈ নিজা ববীয়াকৈ এই সমগ্ৰ কাণ্ডৰ অনুসন্ধান কৰি তথ্য পোহৰলৈ আনিছে বোকাখাতৰ বিহৰা ছাগলী বজাৰৰ চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত মহলদাৰ গোপাল দাসে।

অভিযোগ অনুসৰি গোলাঘাটৰ জিলা পৰিষদে বিহৰা ছাগলী বজাৰক প্ৰদান কৰা ৰচিদ বহীৰ আৰ্হিত ভুৱা ৰচিদ ছপা কৰি দুটাকৈ আত্ম সহায়ক গোট ক্ৰমে "মহাদেৱ" আৰু "পোহৰ"ৰ নামত ধন সৰকাই নিলে সুজিত ভুঞা আৰু নবিৰুল নামৰ দুই ব্যক্তিয়ে।

উল্লেখযোগ্য যে এই সংক্ৰান্তত মহলদাৰ গোপাল দাসে বোকাখাতৰ মহকুমাধিপতি আৰু গোলাঘাট জিলা পৰিষদক তদন্তৰ দাবীত লিখিত অভিযোগ প্ৰদান কৰিছে।

ইফালে এই সমগ্ৰ ধন আত্মসাত কাণ্ড সন্দৰ্ভত বিগত ২৩ মে' তাৰিখে মহলদাৰ গোপাল দাসে বোকাখাত আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছিল যদিও ৰহস্যজনক ভাৱে গোচৰ ৰুজু কৰিবলৈ অমান্তি প্ৰকাশ কৰে বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে। ফলত গোচৰ উঠাই আনিবলৈ বাধ্য হোৱাৰ লগতে এই ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে মহলদাৰ গোপাল দাসে।

উল্লেখযোগ্য যে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনি'ৰ ক্ষেত্ৰত ভুৱা ৰছিদ ব্যৱহাৰ কৰি লক্ষ লক্ষ টকা আত্মসাত কৰা ঘটনাক লৈ সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে এতিয়া বোকাখাতত।

আৰু পঢ়ক: ঘিলামৰাত ৰহস্যজনক ভাৱে দুদিন ধৰি সন্ধানহীন বোৱাৰী…

assam bokakhat