/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/v5linjll/127.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মান আঁচনিৰ জৰিয়তে মানকাচৰৰ দিয়াৰা-কালাপানী সংযোগী ৭.৫ কিলোমিটাৰ লোক নিৰ্মান বিভাগৰ একমাত্ৰ এই পথটো উন্নীতকৰণৰ বাবে চৰকাৰে ৮৮৭.০৬ লাখ টকা আবন্টন দিছে। এই কামটো সম্পন্ন কৰাৰ বাবে বিভাগীয় ঠিকাদাৰ ছামিম আমিনক দায়িত্ব দিয়া হৈছে।
কিন্তু তাপৰ্যপূৰ্ণভাৱে ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত কামৰ আৰম্ভণিতে দুৰ্নীতিৰ আশ্ৰয় লৈছে। নিৰ্মীয়মান পথটোৰ দিয়াৰাৰ পৰা প্ৰায় এক কিলোমিটাৰ এলেকাৰ ভিতৰত পাঁচটাকৈ গাৰ্ড ৱাল নিৰ্মান কৰা হৈছে। য'ত ঠিকাদাৰ ছামিম আমিন চৰম দুৰ্নীতিৰ আশ্ৰয় লৈছে।
অভিযোগ মতে, গাৰ্ড ৱালকেইখন নিৰ্মাণৰ বাবে মাটিৰ তলত প্ৰায় দুই ফুট পর্যন্ত ফাউণ্ডেচন কৰিব লাগে। কিন্তু ঠিকাদাৰজনে মাটিৰ তলত মাত্ৰ আধা ফুট ফাউণ্ডেচন কৰি গাৰ্ডৱাল কেইখন নিৰ্মান কৰিছে । বাৰিষাৰ সময়ত মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢল আহিলে এই দেৱালকেইখন উটি যোৱাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/rhuayxdh/014a8998-6f5e-4acd-a61b-ad73d2bc4678.jpg)
কেৱল এয়াই নহয়, নিৰ্মান কামত ঠিকাদাৰ ছামিম আমিন অতি নিম্নমানৰ কাম কৰিছে। ফলত নিৰ্মাণৰ পাছতেই হাতেৰে টানিলে এইদৰে একাংশ স্থানত ডাঙৰ ডাঙৰ শিলসমূহ খুলি পৰে।
ইতিমধ্যে অঞ্চলটোৰ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত, মানকাচৰ লোক নিৰ্মান বিভাগৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন লিখিত অভিযোগ দাখিল কৰিছে।লক্ষ্যণীয় যে দুৰ্নীতি সংঘটিত হোৱা কামটোৰ এখন দেৱাল নিৰ্মাণৰ পাচত বিভাগীয় নিৰ্দেশ মতে ইতিমধ্যে ভাঙি নতুনকৈ নিৰ্মান কাম আৰম্ভ কৰা হৈছে। কিন্তু বাকী ৪ খন দেৱাল ৰহস্যজনকভাৱে ভাঙি নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে।
Also Read: মায়ঙৰ বহা সাতকাবৰীৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক আটক