/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ শেহতীয়া বান দুৰ্যোগৰ সময়ত প্ৰদৰ্শন কৰা চূড়ান্ত ব্যৰ্থতা আৰু দুৰ্নীতিৰ অভিযোগৰ বাবেই প্ৰত্যাশিত ভাৱেই আতৰিব লগীয়া হ'ল জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল। মাত্ৰ এবছৰ আৰু এমাহ কাল উপায়ুক্ত হোৱাৰ সুযোগ দি পুণৰ তেওঁক দিছপুৰৰ সচিবালয়লৈ উভতাই নিয়া হ'ল। এই গৰাকী উপায়ুক্তৰ বিৰুদ্ধে বান-দুৰ্যোগৰ সময়ত দুৰ্গত লোকক সাহায্য প্ৰদানত চূড়ান্ত ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰাই নহয়, বান-সাহায্য প্ৰদানৰ নামত দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলিও অভিযোগ উত্থাপন হৈছিল।
উল্লেখযোগ্য যে, পূৰ্বৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা যোৱা নিৰ্বাচনৰ মাজতে কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ বাবে প্ৰায় আকষ্মিকভাবে আৰু দুৰ্ঘটনা ক্ৰমে উপায়ুক্ত হৈছিল ১৯৯২ চনৰ অসম অসামৰিক সেৱাৰ বিষয়াজন। পূৰ্বে বহু বছৰ নিৰ্বাচন বিষয়া হিচাপে এইখন জিলাতে কাৰ্যনিৰ্বাহ কৰি যোৱা বিষয়া গৰাকীয়ে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত জিলাখনৰ উন্নয়নৰ বাবে বিশেষ কিবা এটা কৰাৰ প্ৰচেষ্টা চলোৱাৰ পৰিবৰ্তে নিজৰ উন্নয়নতহে ব্ৰতী হয়।
সততে মিতব্যয়িতাৰ কথা কৈ থকা বিষয়াজনে আহিয়েই নিজৰ চৰকাৰী বাসভৱনটোৰ উন্নয়নৰ নামতে ৰাজকোষৰ পৰা ২০ লাখ টকা ব্যয় কৰে। অতিৰিক্ত কোঠা, উন্নতৰ শ্নানাগাৰ আদি নিৰ্মাণৰ নামত এই ধন ব্যয় কৰা হয়।কোনো ধৰণৰ নিবিদা অবিহনে নিজৰ পছন্দৰ ঠিকাদাৰ এজনৰ হতুৱাই এই কাম কৰা হয় যদিও ঠিকাদাৰে পুজিৰ অভাৱত আজিও ধন মঞ্জুৰী নাপায় ফাইলৰ পিছে পিছে দৌৰী ফুৰোতেই গৈছে।
কেৱল সেয়াই নহয়, নিজে টেবুল টেনিছ খেলাৰ সুবিধাৰ্থে চৰকাৰী পুজিৰে অফিচাৰ্ছ ক্লাব এটাও গঢ়ি তুলিছিল তেওঁ। ভূষাল মধুমেহ আৰু ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিকিৎসকৰ পৰামৰ্শক্ৰমে দৈনিক পুৱা খোজ কঢ়া আৰু চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিছিল। এই ছেগতে কেতিয়াবা বাটত পোৱা দুই এখন চৰকাৰী আঁচনিও প্ৰত্যক্ষ কৰি তাৰ অৱস্থাৰ বুজ লয়।
পিছে এই ব্যক্তিগত স্বাস্থ্য ৰক্ষাৰ এই কামটোকে জনসেৱাৰ ৰূপ দিবলৈ জিলাখনৰ জনসংযোগ বিষয়াৰ জড়িয়তে ৰাইজৰ সেৱাতহে তেওঁ খোজ কাঢ়ি, চাইকেল চলাই ঘূৰি ফুৰা বুলি ব্যাপক প্ৰচাৰ চলাই জিলাখনৰ ৰাইজক আভুৱা ভৰি আহিছিল এই জন দুৰ্নীতি পৰায়ন বিষয়াই। সেয়েহে অৱশেষত সকলো কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অবগত হোৱাত তেওঁৰ সান্দহ খোৱা বালি তল গ'ল বুলি ৰাইজৰ মাজত ব্যাপক আলোচনা চলিছে।
আৰু পঢ়ক: কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…