ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে

ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

ডিজিটেল ডেস্ক: ভাবী স্বামীক আটক কৰি নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কু-কীৰ্তি পোহৰলৈ আহিছে।নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাই কিছুদিন পূৰ্বে ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

কিন্তু নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়া গৰাকীৰ কু-কীৰ্তিয়ে বৰ্তমান সকলোকে হতচকিত কৰিছে।ভাবী স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল যদিও এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰ পৰাই যে জানিছিল সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

আনহাতে ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGC ৰ বিষয়া বুলি চিনাকি কৰাই দি ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে।

সমান্তৰালভাৱে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাৰ পৰা ক্ৰমে ৪৯ লাখ ৪৮ হাজাৰ আৰু ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অপৰাধত ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰাৰ লগতে সহযোগী জোনমণি পগাগৰ বিৰুদ্ধেও বহু আপত্তিজনক অভিযোগ আনিছে।

ইয়াৰ পাছতে নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে নিজৰ ভাবি স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়া প্ৰৱঞ্চনাৰ বিষয়ে একো নাজানো বুলি কোৱা আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে।ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হৈ মাজুলীত বিভিন্ন জনৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি সেয়াও আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। ইফালে ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগে বিষটোক অধিক ৰহস্যঘন কৰি তুলিছে।

আৰু পঢ়ক: এফালে গুণোৎসৱ আনফালে এজন শিক্ষকৰ দ্বাৰা চলিছে বিদ্যালয়

nagaon assam Assam police