/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e52a476a-ef68-4a28-ad5e-254ca3b0e8b2/fgg.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত যুৱতীক শাৰীৰিক-মানসিক নির্যাতনৰ অভিযোগ।
শাৰীৰিক অত্যাচাৰৰ বলি এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী। জাপৰিগোগৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।
পিছ ৱেলনেছ ফাউণ্ডেশ্যনৰ (Pace Welness Foundation)ৰ বিৰুদ্ধে এই অভিযোগ। ছ’চিয়েল মিডিয়াত বিস্ফোৰক ভাষ্য ভুক্তভোগী ছাত্ৰীৰ।
ভুক্তভোগীয়ে কোৱা অনুসৰি নিচামুক্তি কেন্দ্ৰত থকা সময়ত তেওঁক এগৰাকী মহিলাই যথেষ্ঠ মাৰপিট কৰিছিল। হাত,লাঠিৰে মাৰপিট কৰাৰ উপৰিও পানীও ঢালি দিছিল তেওঁৰ ওপৰত। এই সমগ্ৰ কথা ভুক্তভোগীয়া সামাজিক মাধ্যমৰ জনোৱাৰ পাছতে এতিয়া ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Also Read: ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত "স্বচ্ছতাই সেৱা" শীৰ্ষক কাৰ্যসূচী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us