/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lakhimpur.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ: অধ্যক্ষৰ যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল উত্তৰ অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ স্বায়ত্ত্বশাসিত মহাবিদ্যালয়ত ৷ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই এগৰাকী যুৱতীৰ লগত ফেচবুক মেছেঞ্জাৰ আৰু ৱাটছএপত যৌন গন্ধী বাৰ্তালাপ কৰাৰ কেতবোৰ স্ক্ৰীণ শ্ব'ট ভাইৰেল হৈছে ৷
সামাজিক মাধ্যমত ভাইৰে'ল হোৱা উক্ত ঘটনাক লৈ স্তম্ভিত লখিমপুৰ বাসী ৷ মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাই ঘটনাটোৰ তদন্ত দাবী বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৱে মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অধ্যক্ষ গৰাকীৰ পুত্তলিকা দাহ কৰে ৷
এজেৱাইচিপি ,এবিভিপি আদি সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই ঘটনাটো তদন্ত কৰা বুলি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে টুইট কৰে ৷ তদুপৰি বিষয়টোৰ উচিত তদন্তৰ খাটিৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।
আনহাতে অধ্যক্ষ গৰাকীয়ে তেওঁৰ ফেচ বুক আই ডি হে ক কৰি , ভুৱা ৱাটছএপত আই ডি ৰে কোনো দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰা বুলি প্ৰতিদিন টাইমক জানিবলৈ দিছে ৷ এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধিক্ষকক ড° বিমান চন্দ্ৰ চেতিয়াই লিখিত অভিযোগ দাখিল কৰিছে ৷
আৰু পঢ়ক: ২১ বছৰে পেঞ্চনৰ পৰা বঞ্চিত চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল…