কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াক ব্যৰ্থ সাংসদ অভিহিত

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াক ব্যৰ্থ সাংসদ অভিহিত

author-image
asomiyapratidin
New Update
সংকটত প্ৰমোদ বড়ো, হাগ্ৰামাৰ পক্ষত আছে ২৬/২৮ পাৰিষদ

ডিজিটেল সংবাদ, মছলপুৰ: পুনৰ ৰাজপথত ওলাই অহাৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতি অসমৰ । গৰম হ'ব নেকি বিটিআৰ ? ইয়াৰে এক ইংগিত বহন কৰিলে অবড়ো সুৰক্ষা সমিতি অসমে। বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত বৈঠকত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াক এগৰাকী ব্যৰ্থ সাংসদ বুলি অভিহিত কৰে ।

Advertisment

অবড়োৰ নাম লৈ দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰনীয়াই সংসদত বি টি আৰৰ অবড়ো ৰাইজৰ হকে এষাৰো মাত মতা দেখা নগল বুলিও অভিযোগ কৰে । বি টিআৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাওঁ কৰ্তন, বি টি আৰত অবড়ো ৰাইজৰ ভুমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষীত কৰা আদি দাবীসমুহ আছিল অবড়ো সুৰক্ষা সমিতিৰ মূল দাবী ।

এই দাবী সমুহ ৰূপায়ন নোহোৱাত ৰাজপথলৈ ওলাই আহিব বুলি কয় অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক তথা সাংসদ নৱ কুমাৰ শৰনীয়াৰ সোঁত সৰুপ মাধৱ ৰাজবংশীয়ে ।

কিন্তু বিটিআৰৰ ২২ লক্ষঅবড়ো ৰাইজৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে গঠন কৰি দিয়া সমিতিখনেও তেওলোকৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে । আনকি গাওঁ কৰ্তনৰ বিপৰীতে বিটিআৰত গাওঁ অন্তৰ্ভুক্ত কৰাৰ হে এটা পক্ষই কৌশল ৰচনা কৰি আছে বুলি মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ।

তেওঁ লগতে ২০২৩ চনৰ আগত চৰকাৰে বি টি আৰৰ পৰা অবড়ো অধ্যুষিত গাওঁ কৰ্তন আৰু ভুমিৰ সমস্যা সমাধান নকৰিলে লোকসভা নিৰ্বাচন বৰ্জন কৰা হব বুলি স্পষ্ট কৰি দিয়ে অবড়ো সুৰক্ষা সমিতি অসমৰ স্পাদক গৰাকীয়ে ।

আৰু পঢ়ক: সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…

assam btr kokrajhar