/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/himanta-2.jpg)
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ দৰে ঝাৰখণ্ড চৰকাৰ ভঙাৰ বাবে প্ৰস্তুতি চলাইছে বিজেপি দলে । এই পৰিকল্পনাত নাম সাঙোৰ খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ঝৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়ক বৃহৎ পৰিমাণৰ ধন সহ কলকাতাত গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডত অভিযোগ দাখিল কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা এই বৃহৎ ধনৰ লেনদেন হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ঝাৰখণ্ডৰ বেৰ্ম সমষ্টিৰ কংগ্ৰেছী বিধায়ক কুমাৰ জয়মঙ্গল সিঙে । এই সন্দৰ্ভত বিধায়ক কুমাৰ জয়মঙ্গল সিঙে আৰ্গোৰা আৰক্ষী চকীত এক লিখিত অভিযোগ দাখিল কৰিছে ।
অভিযোগপত্ৰ খনত জয়মঙ্গল সিঙে উল্লেখ কৰে যে , "জনজাতী অধ্যুষিত ৰাজ্য খনৰ কংগ্ৰেছ আৰু জেএমএমৰ বিধায়ৰ সংখ্যা হ্ৰাস কৰিবৰ বাবে মন্ত্ৰীপদ আৰু কোটি টকাৰ নগদ ধনৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ বাবে ইৰফান আনছাৰিয়ে কৈছিল । ইয়াৰ উপৰিও প্ৰতিজন বিধায়কৰ বাবে ১০ কোটিকৈ টকা আৰু নতুন চৰকাৰত ইৰফান আনছাৰিৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰিছিল ।"
এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , "কংগ্ৰেছ দলত মই প্ৰায় ২২ টা বছৰ আছিলো । বৰ্তমানেও কংগ্ৰেছ দলৰ বহু নেতা মোৰ লগত ভাল । অনকি কংগ্ৰেছৰ শীৰ্ষ নেতা সকলেও মোৰ লগত যোগাযোগ ৰাখে । মই নাজানো এই সন্দৰ্ভত মোৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল কৰিছে ।"
আৰু পঢ়ক : সংকটত অসমৰ দুই শতাধিক মাদ্ৰাছা….