/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/naba.jpg)
ডিজিটেল সংবাদ, চিৰাং : মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাক ধোঁৱাচাঙত তুলি চিৰাঙৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ পৰা ভৰ্তিৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলা খনৰ অতিকৈ ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত নাঙ্গলভাঙাৰ নৱ উদয় হাইস্কুলত নামভৰ্তিৰ নামত কোনো ধৰনৰ ৰছিদ পাতি নিদিয়াকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা পাঁচশ টকাকৈ সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।
ইয়াকে লৈ এলেকাৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত উক্ত এলেকাৰে বাসিন্দা তথা সদৌ বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডল কয় যে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলে নাম ভৰ্তিৰ সময়ত অৰ্থৰ অভাৱত যাতে কোন এজন ছাত্ৰ ছাত্ৰীয়ে মাজ পথতেই শিক্ষা সাং কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিদ্যালয় সমূহত সম্পূৰ্ণ বিনামূলীয়া শিক্ষাদানৰ ব্যবস্থা কৰিছিল।
ক্লিক কৰি পঢ়কঃ মাওবাদী শিপাইছে অসমত ! নিয়াৰ ১৭ স্থানত অভিযান…
কিন্তু নাঙ্গলভাঙাৰ নৱ উদয় হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুৰ ছাত্তাৰে নিয়ম বহির্ভূত ভাবে তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা পাঁচশ টকাকৈ সংগ্ৰহ কৰি আছে কিন্তু তাৰ বিপৰীতে কোনো ধৰনৰ ৰছিদ ছাত্ৰ ছাত্ৰী সকলক দিয়া হোৱা নাই, চৰকাৰী শিক্ষানুষ্ঠান এখনত এনেধৰনৰ অনিয়ম চলি থকাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ।
কাৰণ চিৰাং জিলাৰ নাঙ্গলভাঙা এলেকাৰ অধিকাংশ ছাত্ৰ ছাত্ৰী দুখীয়া ঘৰৰ । বিদ্যালয় কতৃপক্ষৰ এনেধৰনৰ চৰকাৰ বিৰোধী স্থিতিৰ বাবেই আজি মুখ্যমন্ত্ৰীৰ এই আৰ্থিক সকাহৰ সুবিধাৰ ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হব লগা বিষয়টো উৰ্দ্ধতন কতৃপক্ষৰ হস্তক্ষেপ দাবী কৰে । তেখেতে কয় যে চিৰাঙৰ এই নাঙ্গলভাঙাৰ নৱ উদয় হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত টকা সংগ্ৰহ কৰাটো নতুন কথা নহয় ।
যোৱা বছৰেও অনুৰূপ ভাবে নামভৰ্তিৰ নামত টকা সংগ্ৰহ কৰা হৈছিল । নামভৰ্তিৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ চিৰাঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক লিখিত ভাৱে অভিযোগ কৰা হৈছিল কিন্তু পৰবৰ্তী সময়ত ৰহস্যজনক কাৰণত ইয়াৰ বিৰুদ্ধে কোনো বিভাগীয় ব্যবস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে ।
জানিব পৰা মতে বিদ্যালয় কতৃপক্ষই বিদ্যালয় পৰিচালনা সমিতি আৰু অন্যান্য দল সংগঠনৰ সৈতে আলোচনা কৰি বিদ্যালয়ৰ উন্নয়নৰ স্বাৰ্থত নামভৰ্তিৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ২৫০ টকাকৈ সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল কিন্তু পৰবৰ্তী সময়ত পাঁচশ টকাকৈ কিয় সংগ্ৰহ কৰা হৈছে এই বিষয়টো লৈ সহমত দিয়া দল সংগঠনৰ নেতৃত্ববৰ্গই আশ্চৰ্য প্ৰকাশ কৰে ।
ক্লিক কৰি পঢ়কঃঅন্ধ্ৰপ্ৰদেশত নতুনকৈ গঠন কৰা হ'ল ১৩ খন জিলা…
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us