/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, বৰমা: মঙলবাৰে কেইবাদিন ধৰি বৰমাৰ মাজত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এটা প্ৰকাণ্ড গৰু মৰি পৰিবেশ দুষিত কৰি আহিছে ৷ দুৰ্গন্ধময় পৰিৱেশ ইমানেই হৈছে যে পথচাৰী – বাইক- চাইকেলেৰে অহা লোক সকল মুখত ৰুমাল বান্ধি আহিব লগীয়া হৈছে ৷ বৰমাৰ কোনো দল সংগঠন, বৰমাৰ ব্যৱসায়ী প্ৰতিষ্ঠান, চৰকাৰী বিষয়া সকল এইক্ষেত্ৰত গুৰুত্বআৰোপ কৰা নাই ৷
বিষয়টোৰ সমাধানৰ কাৰণে বৰমাৰ চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিক দিলীপ বড়োৱে বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছিল ৷ চক্ৰ বিষয়া গৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত একো কৰিব লগীয়া নাই বুলি কৈ বৰমাৰ চেম্বাৰ্চ অফ কমাৰ্চ নতুবা বৰমা আৰক্ষী থানাত জনাবলৈ ক'লে ৷ ইমানতে ক্ষ্যান্ত নাথাকি সাংবাদিকজন কাৰ্যালয়টোৰ পৰা ওলাই আহিব বিচৰাত বিষয়াজনে তেখেতৰ মোনাৰ পৰা মোবাইটো নিজ হাতেৰে উলিয়াই আনি কৰ্মচাৰী এজনৰ দ্বাৰা মোবাইলটো চেক কৰিবলৈ দিছে বুলি দিলীপ বড়োই অভিযোগ কৰিছে ৷ কি কাৰণত সাংবাদিক জনৰ পৰা বিষয়া জনে মোবাইটো আনি চেক কৰিব দিলে এইটো এটা ডাঙৰ প্ৰশ্ন বুলি স্থানীয় সাংবাদিক মহলত চৰ্চীত ৷ এই সমগ্ৰ ঘটনাটো কাৰ্য্যালয়লৈ অহা ব্যক্তি সকলে প্ৰত্যক্ষ কৰি আছিল বুলিও দিলীপ বড়োই জানিবলৈ দিছে।
যিহেতু সাংবাদিকজনে ৰাজহুৱা বিষয় এটা লৈ ৰাজপত্ৰিত বিষয়া এজনৰ কাষ চাপিছে তেনে স্থলত বিষয়টো গুৰুত্ব দিব লাগিছিল ৷ তাকে নকৰি বিষয়াজনে সাংবাদিকক সন্দেহৰ চকুৰেহে চালে ৷ উল্লেখ্য যে কাষতে ভাৰতীয় ষ্টেট বেংক, আৱৰ্ত ভৱন, সাপ্তাহিক বজাৰ, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰমা থানা আদি থকা সত্তেও আজি বাতৰি লিখা সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মৃত গৰুটোৰ পেলাই দিয়াৰ ওপৰত ৷
আৰু পঢ়ক: জনতা ভৱনত দিব্যাংগ সকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক