ঘিলামৰাত ঠিকাদাৰৰ দৌৰাত্ম্যঃ অৰ্ধনিৰ্মিত ২.৮৬ কোটিটকীয়া আচঁনি

ঘিলামৰাত ঠিকাদাৰৰ দৌৰাত্ম্যঃ অৰ্ধনিৰ্মিত ২.৮৬ কোটিটকীয়া আচঁনি

ডিজিটেল সংবাদ,ঢকুৱাখনা: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মান পথ বিভাগটো ঢকুৱাখনাত বদনামি কৰি তোলাৰ অভিযোগ উত্থাপিত হৈছে এজন বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে। নিজকে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলেৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি ঘিলামৰা লোকনিৰ্মান বিভাগত দৌৰাত্ম্য চলাই অহা এইজন ঠিকাদাৰৰ নাম মহেন্দ্ৰ গুৰুং।

ৰাজনৈতিক প্ৰভুত্ব খটুৱাই ইটোৰ পাছত সিটো কামৰ ঠিকা লাভ কৰে এইজন ঠিকাদাৰে । কিন্তু তেওঁৰ অকৰ্মন্য়তা আৰু বেপৰোৱা নীতিৰ বাবে বিভিন্ন আঁচনিৰ অধীনৰ কামসমূহ দীৰ্ঘদিন ধৰি অৰ্ধনিৰ্মিত কৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে । ইয়াৰ বাস্তৱ নমুনা হল ঘিলামৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত দুটা গুৰুত্বপূৰ্ণ পথ।

উত্থাপিত ৰাজহুৱা অভিযোগ মতে গুৰুঙে এছ অ পি ডি (জি) আঁচনিৰ অধীনত ২২ নং ৰাজ্যিক ঘাইপথৰ পৰা লামুগাওঁ সংযোগী পথ নিৰ্মানৰ ঠিকা লাভ কৰিছিল।২০২১ চনৰ২৬ ফেব্ৰুৱাৰীত প্ৰায় ২কিলোমিটাৰ দৈৰ্ঘৰ পথটোৰ বিপৰীতে আবন্তিত প্ৰায় ১কোটি ৩১ লাখ টকা ব্যয়সাপেক্ষ এই পথটো নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰিছিল বিধায়ক নৱ দলেয়ে।

বৃহত্তৰ অঞ্চলবাসীযে আশা কৰিছিল যুদ্ধগতিত নিৰ্মাণ কাৰ্য চলাই ঠিকাদাৰ গুৰুংয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰাইজৰ ব্যৱহাৰৰ বাবে পথটো মোকোলাই দিব। পিছে কাৰ্যত সেয়া হৈ নুঠিল। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত এই পথটো সম্পূৰ্ণ নহ'ল কেৱল ঠিকাদাৰ গৰাকীৰ গুৰুত্বহীনতাৰ বাবে। আধৰুৱাকৈ মাটিৰ কাম কৰি বিগত প্ৰায় ২টা বছৰৰো অধিক কাল অসম্পূৰ্ণকৈ পেলাই ৰাখি দায়িত্বহীন ঠিকাদাৰজনে জনসাধাৰণক পকী পথৰ সুবিধা প্ৰদানৰ পৰা বঞ্চিত কৰি ৰাখিছে ।

নিৰ্ধাৰিত সময়ৰ ভিতৰত পথ নিৰ্মান সম্পূৰ্ণ নকৰাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসী ৰাইজে বহুবাৰ লোকনিৰ্মান বিভাগ আৰু ঠিকাদাৰ গৰাকীক অভিযোগ কৰি আহিছিল যদিও কোনো ভ্ৰূক্ষেপ নাই ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তা আৰু বিষয়াৰ।

লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক চন্দ্ৰ বড়োৱেও বিধায়ক সাংসদৰ ঘনিষ্ঠ হোৱাৰ বাবে প্ৰশাসনীয় শক্তি প্ৰয়োগ কৰি তৎকালে আঁচনিখন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ সাহস কৰিব পৰা নাই । তাৰোপৰি এইজন বিতৰ্কিত ঠিকাদাৰে ২০২০-২০২১ বিত্তীয় বর্ষৰ এছ অ' পি ডি (গ্ৰামীণ) শিতানত  দেউলীয়া পঞ্চায়তৰ চাকুলি গাঁৱৰ পৰা আখৈফুটীয়া গাঁও সংযোগী প্ৰায় ২ কিলোমিটাৰ দৈর্ঘৰ পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল।

প্ৰায় ১কোটি ৫৫ লাখ ৩৩ হাজাৰ টকা ব্যয় সাপেক্ষ এই আঁচনিখনৰ ক্ষেত্ৰতো একে দায়িত্বহীনতা প্ৰদৰ্শন কৰি আহিছে গুৰুংয়ে । বিধায়ক নৱ দলেয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা এই পথটোও আধৰুৱাকৈ নিৰ্মান কৰি বছৰ বছৰ ধৰি পেলাই ৰাখিছে সম্পূৰ্ণ নকৰাকৈ। ভুক্তভোগী ৰাইজে এই সন্দৰ্ভত ঠিকাদাৰ গুৰুংক যোগাযোগ কৰিলে ঘৰুৱা সমস্যাৰ দোহাই দি যেতিয়া এনে সমস্যা দূৰ হয় তেতিয়াহে পথ নিৰ্মান কাম পুনৰ আৰম্ভ কৰিব বুলি কাণ্ডজ্ঞানহীন মন্তব্য কৰে বুলি ৰাইজে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ঘিলামৰা লোকনিৰ্মান বিভাগত ৰাজনৈতিক ক্ষমতা প্ৰদৰ্শন কৰি একপ্ৰকাৰৰ দৌৰাত্ম্য চলাই যোৱা ঠিকাদাৰ মহেন্দ্ৰ গুৰুংৰ এনে গুৰুগোঁসাই নমনা স্থিতিত চাকুলিবাসী ক্ষুব্ধ হৈ পৰিছে চাকুলিবাসী ৰাইজ। ৰাইজৰ সন্দেহ আধৰুৱা কাম কৰি এইজন ঠিকাদাৰে বিভাগৰ কাৰ্যবাহী অভিযন্তা বড়োক সৈমান কৰি আঁচনিৰ সমূদায় পুঁজি সৰকাই নিয়াৰ চক্ৰান্ত কৰিছে।

ৰাজনৈতিক শক্তি খটুৱাই পথ নিৰ্মানৰ ঠিকা লৈ তাক কাৰ্যকৰী নকৰা এইজন ঠিকাদাৰৰ দৌৰাত্ম্য দেখিও অন্ধ মুনিৰ ভাও লৈছে বিধায়ক, সাংসদে । পৰিণতিত সীমাহীন যন্ত্ৰণাৰ সন্মুখীন লবলগীয়া হৈছে গ্রামাঞ্চলীয় ৰাইজ । এই ক্ষেত্ৰত ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা আৰু বিভাগীয় মন্ত্ৰীৰ দায়িত্ব প্ৰাপ্ত মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী নাগৰিকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in