চানমাৰী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ! গালি-গালাজ পাৰি উলিয়াই দিলে যুৱকক, পাছত...

এইবাৰ জনতা নহয়, চানমাৰি আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: এইবাৰ জনতা নহয়, চানমাৰি আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। সঞ্জয় সেন নামৰ যুৱকজনক দুৰ্ব্যৱহাৰ কৰিছে আৰক্ষীয়ে।

Advertisment

অভিযোগ অনুসৰি থানাৰ OCগৰাকীয়ে গালি-গালাজেৰে থানাৰ পৰা উলিয়াই দিয়ে সঞ্জয় সেনক। ২৭ ছেপ্টেম্বৰত দিয়া এজাহাৰ সন্দৰ্ভত থানালৈ খবৰ কৰিব গৈছিল সঞ্জয় সেন।

ঘটনাৰ বিৱৰণী অনুসৰি এটা ফোন নম্বৰৰ পৰা ভাবুকি প্রদান কৰি আহিছিল সঞ্জয়ক। সেই লৈ থানাত এজাহাৰ দাখিল কৰিছিল সঞ্জয় সেনে।

৬ দিন উকলি যোৱাত ঘটনা সন্দৰ্ভত খবৰ ল’বলৈ গৈছিল থানালৈ। খবৰ ল’বলৈ গৈ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীৰ গালি-গালাজৰ সন্মুখীন হয় সেন।

ফলত মানসিকভাৱে ভাগি পৰি অসুস্থ হৈ পৰে যুৱকজন। বৰ্তমান সঞ্জয় সেনক GMCHত প্রদান কৰা হৈছে চিকিৎসা।

CHANDMARI assam fir Assam police