/asomiyapratidin/media/media_files/2025/04/06/0bUWloksyn3MGMJbbaim.jpg)
ব্যাপক অনিয়ম
ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰৰ মালিনীপুৰত জীঅ'টেকৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ বাবে নতুন হিতাধিকাৰী বাচনিৰ নামত ব্যাপক বেমেজালিৰ অভিযোগ উঠিছে। চিলাপথাৰ অঞ্চলৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তৰ খনামুখ গাওঁত সংঘটিত হৈছে এই ঘটনা। গাওঁখনত জীঅ' টেক কৰাৰ বাবে ধন সংগ্ৰহৰ অভিযোগ আনিলে জীৱিকা সখী আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে। টকা দিব পৰা পৰিয়ালত জিঅ' টেক কৰিবলৈ যায় জীৱিকা সখী আৰু ৱাৰ্ড মেম্বৰে। বছৰ বছৰ ধৰি চৰকাৰী ঘৰ লাভ নকৰা লোকৰ ঘৰত ভৰি দিবলৈকো নোযোৱাৰ অভিযোগ জীৱিকা সখীৰ বিৰুদ্ধে। টকা দিব নোৱাৰা দৰিদ্ৰ লোকক এৰি অন্য লোককহে চৰকাৰী সুবিধা দিবলৈ যোৱাৰ অভিযোগ তুলিলে ৰাইজে।
অভিযোগ অনুসৰি, পঞ্চায়তখনৰ দৰিদ্ৰ পৰিয়ালৰ লোকে বহু চেষ্টাৰ পিছতো লাভ নকৰে বিনামূলীয় গৃহৰ লগতে অৰুণোদয়ৰ দৰে আঁচনিৰ সুবিধা। দুখীয়া বিধৱাৰ মহিলাইও চৰকাৰী আঁচনিৰ সুবিধা নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। পঞ্চায়ত কাৰ্যালয়লৈ অহা যোৱা কৰিও ফল নাপায় ৰাইজে। একাংশ মহিলাই কিছু মাহলৈকে অৰুনোদইৰ ধন পাইছিল যদিও তথাকথিত নেতা-নেত্ৰীৰ ৰোষত পৰি তালিকাৰ পৰা কৰ্তন হ'ল নাম।
আনহাতে, ইয়াৰ বিপৰীতে ঘৰ লাভ কৰে নেতা, পালিনেতাৰ আত্মীয় আৰু অৱস্থাপন্ন লোকে। উপাইবিহীন গঞাই পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। অনগ্ৰসৰ সীমান্তৱৰ্তী পঞ্চায়তখনক নিজা পৈত্ৰিক সম্পত্তি জ্ঞান কৰি লুটি পুতি খাই ৰাইজক ৰমঠগন দি অহা একাংশ প্ৰতিনিধিৰ স্বভাৱৰ বাবেই আজিলৈকে সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নতি নোহোৱাৰ অভিযোগ ৰাইজৰ। এতিয়া ৰাইজে প্ৰকৃত যোগ্য লোকক আঁচনিৰ সুবিধা দিবলৈ জনাইছে দাবী।