সম্পত্তিৰ বাবে ৮৪ বছৰীয়া বৃদ্ধ পিতৃক অমানৱীয় অত্যাচাৰ পুত্ৰ-বোৱাৰীৰ

চিৰাং জিলাৰ বাসুগাঁও চহৰত একমাত্ৰ সম্পত্তিৰ লোভত এগৰাকী কুলাঙ্গাৰ পুত্ৰই নিজৰ বৃদ্ধ পিতৃক অমানৱীয় অত্যাচাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

author-image
Asomiya Pratidin
New Update
সম্পত্তিৰ বাবে ৮৪ বছৰীয়া বৃদ্ধ পিতৃক অমানৱীয় অত্যাচাৰ পুত্ৰ-বোৱাৰীৰ

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰত একমাত্ৰ সম্পত্তিৰ লোভত এগৰাকী কুলাঙ্গাৰ পুত্ৰই নিজৰ বৃদ্ধ পিতৃক অমানৱীয় অত্যাচাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে । বাসুগাঁও পৌৰসভাৰ সমীপৰ বাসিন্দা অৰূপ দে ওৰফে টগাই পত্নীৰ সৈতে মিলি ৮৪ বছৰীয়া বৃদ্ধ পিতৃ শচীদুলাল দে অমানুষিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

প্ৰাপ্ত খবৰ অনুযায়ী চিৰাং জিলাৰ বাসুগাঁও চহৰৰ চাৰি নং ওৱাৰ্ডৰ গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বাসুগাঁও চহৰৰ এসময়ৰ প্ৰখ্যাত হোটেল অশোকাৰ মালিক শচীদুলাল দে। তেওঁ সৰু পুত্ৰ আৰু বোৱাৰীৰ মানসিক-শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৮৪ বছৰ বয়সত আঠ মাহ আগতে নিজৰ ঘৰদুৱাৰ এৰি চাৰি নং ওৱাৰ্ডৰ গোগলাপাৰাৰ এটা নিৰ্জন ঠাইত ঘৰ সাজি অকলে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু পুৰণি বাসগৃহত এখন ধানভঙা মিলৰ বিদ্যুতৰ মাচুলক লৈ পিতা-পুত্ৰৰ মাজত কাজিয়া চলি আছিল।

ধানভঙা মিলৰ উপাৰ্জন পুত্ৰই লোৱাৰ বিপৰীতে বিদ্যুতৰ সংযোগ পিতৃৰ নাম হোৱা হেতুকে বিদ্যুতৰ মাচুল পিতৃয়ে দিব লগা হৈছিল। সোমবাৰ দিনা পিতৃ শচীদুলাল দে শক্তি বিকাশৰ সহায়ত বিদ্যুতৰ সংযোগ কৰ্তন কৰি দিছিল । যাৰ কাৰণে মঙ্গলবাৰ পুৱা ৮ বজাত নতুন বাসগৃহৰ পৰা ই-ৰিক্সাৰে গৈ থকা অৱস্থাত পুৰণি বাসগৃহৰ সন্মুখত পূৰ্বৰে পৰা খাপ পিটি থকা পুত্ৰ অৰূপ দে আৰু বোৱাৰী মামন সাহাই তেওঁক অতৰ্কিত আক্ৰমণ কৰি ই-ৰিক্সাৰ পৰা টানি আজুৰি নমাই আনে ।

কেৱল ইমানেই নহয়, মাৰপিট কৰি গাৰ কাপোৰ সম্পূৰ্ণ ৰূপে ফালি চোচোৰাই চোচোৰাই ঘৰৰ ভিতৰত লৈ এটা লেতেৰা এন্ধাৰ কোঠালীত সোমাই বাহিৰৰ পৰা তলা বন্ধ কৰি দিয়ে । সাত ঘন্টা সময় কোঠালীত আৱদ্ধ হৈ থকাৰ পাছত তেওঁ অলপ পানী বিচাৰিছিল। কিন্তু নিষ্ঠুৰ পুত্ৰই নিজেও পানী দিয়া নাছিল আনকি ঘৰৰ ভাৰাতীয়া সকলে পানী দিবলৈ যোৱাত বাধা প্ৰদান কৰিছিল। তাতে ক্ষান্ত নাথাকি পুত্ৰই খিৰিকীৰে বাঁহেৰে আঘাত কৰি নিশা হ'লে গাত পে'ট্ৰল ঢালি জুই লগাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল । বৃদ্ধ পিতৃ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰে ।

পুত্ৰৰ অমানৱীয় আচৰণ কথা জানিব পাৰি নিকট আত্মীয়ই বাসুগাঁও থানাৰ আৰক্ষীক অৱগত কৰে আৰু বৰপুত্ৰৰ বোৱাৰীয়ে আৰক্ষীক লগত লৈ বন্ধ কোঠালীৰ পৰা মুমূৰ্ষ অৱস্থাত শচীদুলাল দেক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । পাষাণ পুত্ৰ অৰূপ দে ওৰফে টগাক আটক কৰি থানাত লৈ যায় আৰক্ষীয়ে।

ইপিনে পিতৃ শচীদুলাল দে বুধবাৰে নিজৰ পুত্ৰৰ বিৰুদ্ধে বাসুগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে অৰূপ দে আটক কৰি নিশাটো থানাত ৰাখিছিল যদিও আজি অজ্ঞাত কাৰণত আকৌ মুকলি কৰি দিয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমতে গোচৰ পঞ্জীয়ন কৰা নাছিল যদিও পিছত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে সদৰি কৰে ।

ইপিনে নিকট আত্মীয় সকলে সদৰি কৰা মতে শচীদুলাল দেৰ দুই পুত্ৰ আৰু দুই কন্যা সন্তান আছে। এই ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়া সকলে কয় যে সম্পত্তিৰ কাৰণে পুত্ৰই হৈ নিজৰ বৃদ্ধ পিতৃক যি নিৰ্মম প্ৰহাৰ কৰি অত্যাচাৰ চলাইছে।

Also Read: কোনোৱে মানি লোৱা নাই চৰ্ত! জয়ৰ পাছতো কৰ্ণাটক কংগ্ৰেছত সংঘাত...