/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/56858126-5468-40de-982d-3075ef4e16ea/xds.jpg)
ডিজিটেল সংবাদ, লামডিংঃ লামডিংত পুনৰ চলিছে লুণ্ঠন ৰাজ । এইবাৰ RCM কোম্পানীৰ লামডিং মেনেজাৰৰ ওপৰত লুণ্ঠনৰ অভিযোগ ।জানিব পৰা মতে লামডিঙস্থিত RCM মাৰ্কেটিঙ কোম্পানীটোত বহু দিনৰ পৰা একংশ লোকে এজেণ্ট হিচাপে কৰ্মৰত থকাৰ লগতে ঘৰুৱা সামগ্ৰীও ক্ৰয় কৰিছিল কোম্পানীটোৰ পৰা ।
গ্ৰাহকক সামগ্ৰী দিয়াৰ নামত হাজাৰ হাজাৰ টকা আত্মসাৎ কৰি লুণ্ঠনৰাজ চলোৱা অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ মেনেজাৰ গোবিন্দ ছীলৰ বিৰুদ্ধে। অভিযোগৰ ভিত্তিত লামডিং আৰক্ষী থানাত দুজন কৈ ভুক্তভোগীয়ে এজেহাৰ দাখিল কৰিছিল যদিও লামডিং আৰক্ষীয়ে অভিযুক্ত গোবিন্দ ছীলক আটক কৰি এৰি দিয়াৰ ঘটনায় এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে। আনফালে সমগ্ৰ ঘটনাটোৰ দায়িত্বত থকা আৰক্ষী বিষয়া গৰাকীয়ে গাপ দিয়াৰ লগতে আৰক্ষীয়ে অভিযুক্ত গোবিন্দ ছীলক ৰক্ষণা বেক্ষণা দিয়াৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে।
Also Read: কাইলৈৰ পৰা শৰতকালীন অধিৱেশন: সজাই তোলা হৈছে নতুন অসম বিধানসভাৰ নতুন ভৱন