ফ্লেটলৈ মাতি যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ

ফ্লেটলৈ মাতি যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ

ডিজিটেল ডেস্কঃ এটা ব্যক্তিগত নিউজ চেনেলৰ কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজকৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ৷ এগৰাকী যুৱতীক নিজৰ ফ্লেটলৈ মাতি অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কলংকিত সাংবাদিক ৰঞ্জিত ৰজকৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছে ভুক্তভোগী যুৱতীগৰাকী৷

আমাৰ হাতত পৰা তথ্য মতে, এটা বাতৰিক কেন্দ্ৰ কৰি বোকাখাত নিৱাসী যুৱতীগৰাকীৰ স’তে চিনাকি হৈছিল ব্যক্তিগত নিউজ চেনেলৰ কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজক৷ চিনাকিৰ পাছৰে পৰা প্ৰায়ে ৰজকে যুৱতীগৰাকীক নিজৰ ফ্লেটলৈ মাতে৷ কিন্তু, পথাৰৰ কামৰ বাবে যুৱতীগৰাকীয়ে সময় মিলাব নোৱাৰাৰ অজুহাতত দেখুৱাই আছিল ৷

পৰিয়ালৰ স’তে চিনাকি কৰাই দিম বুলি যুৱতীগৰাকীক জোৰ কৰি মতাত অৱশেষত যোৱা ১৮ আগষ্টত যুৱতীগৰাকী এজনী বান্ধৱীৰ স’তে ৰজকৰ ফ্লেটলৈ যাবলৈ মান্তি হয়৷ ইপিনে, বোকাখাতৰ পাণবাৰীত থকা ফ্লেটত দুই বান্ধৱী উপস্থিত হোৱাৰ পাছতেই ফ্লেটত ৰজকৰ পৰিয়ালৰ কোনো নথকাত যুৱতীদ্বয় আচৰিত হৈ পৰে৷ ইপিনে, কলংকিত সাংবাদিক ৰজকে যুৱতীদ্বয়ক মদ্যপান কৰিবলৈ জোৰ কৰি ৰজকে শোৱনি কোঠালৈ যায় ৷

পৰৱৰ্তী সময়ত ফোনযোগে ৰজকে ভুক্তভোগী যুৱতীগৰাকীক নিজৰ শোৱনি কোঠালৈ আমন্ত্ৰণ জনায়৷ তদুপৰি, এনজয় কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰি ৰজকে ভুক্তভোগী যুৱতীগৰাকীক অশ্লীল ইংগিত দিয়ে৷ ইপিনে, কলংকিত সাংবাদিক ৰজকৰ অশ্লীল ইংগিতৰ পাছতে দুয়ো যুৱতী ছেগ বুজি ফ্লেটৰ পৰা পলায়ন কৰে৷ ইয়াৰ পাছতে একপ্ৰকাৰ মানসিক ভাগি পৰা যুৱতীগৰাকীয়ে যোৱা নিশা সামাজিক মাধ্যমত এই সমস্ত বিষয় উল্লেখ কৰে৷

এই কথাই বোকাখাতৰ সকলো স্তৰৰ মানুহে গম পোৱাত নিশা প্ৰায় ১০-৩০ বজাত যুৱতীগৰাকীৰ বাসগৃহলৈ ৰঞ্জিত ৰজকে এটা দলক লগত লৈ উপস্থিত হয়৷ বোকাখাতৰ টি এম পি কে নেতা বিমানজ্যোতি লয়িঙে ৰঞ্জিত ৰজকৰ হৈ ভুক্তভোগী যুৱতীগৰাকীক একপ্ৰকাৰ ভাবুকি প্ৰদান কৰে৷ বিমানজ্যোতি লয়িঙে ৰঞ্জিত ৰজকৰ হৈ যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হ’বলৈ মিছিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে পঠিয়াইছে বুলিও দৰিদ্ৰ ভুক্তভোগী যুৱতীগৰাকীক মানসিক অত্যাচাৰ কৰে৷

ইয়াৰ উপৰিও সামাজিক মাধ্যমৰ পৰা পষ্টটো তুলি ল’বলৈ বিভিন্ন কূট-কৌশল কৰি হেঁচা প্ৰয়োগ কৰে৷ যাৰ বাবেই ভুক্তভোগী যুৱতীগৰাকী আৰু পৰিয়ালটোৱে মানসিকভাৱে ভাগি পৰাত আজি বাধ্য হৈ যুৱতীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী, জনসংযোগ মন্ত্ৰী, গোলাঘাটৰ আয়ুক্ত, আৰক্ষী অধীক্ষকলৈ উচিত বিচাৰৰ দাবীত পত্ৰ প্ৰেৰণ কৰে৷ সাংবাদিকৰ আলম লৈ যুৱতীক নিজৰ ফ্লেটলৈ মাতি অশ্লীল ইংগিত দিয়া ৰঞ্জিত ৰজকৰ বিৰুদ্ধে বহুবল্কী মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

ফ্লেটলৈ মাতি যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ
হাওৰাঘাটৰ ৰংকুটৰ পৰা যুৱক নিৰুদ্দেশ, চিন্তিত পৰিয়াল

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in