/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/335f26eb-63e6-45cf-adda-a3a951f77c90/yjtyh.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: জনপ্ৰতিনিধিত্বৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী আঁচনিৰ পুঁজিলৈ লুলুপ দৃষ্টি দি পঞ্চায়তবাসীৰ ককৰ্থনা সমালোচনাৰ পাত্ৰ ল'বলগীয়া হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ এগৰাকী পঞ্চায়ত সভানেত্রী । চৰকাৰী আঁচনি মাত্ৰেই সোনৰ কণী পৰা হাঁহ বুলি গন্য কৰা ঘিলামৰা উন্নয়ন খণ্ডৰ মৰনৈ পঞ্চায়তৰ সভানেত্রী অমিয়া চুতীয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে একাংশ ৰাইজ সংগঠন।
ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ ঘনিষ্ঠ এই গৰাকী গেৰুৱা দলৰ পঞ্চায়ত সভানেত্ৰী চুতীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ অধীনত বাসুদেৱ থান প্ৰাথমিক বিদ্যালয় গৃহৰ পুনৰ মেৰামতিৰ বিপৰীতে আৱন্তিত হৈছিল ২ লাখ ১৩ হাজাৰ টকা। আঁচনিখনৰ ৰূপায়ণৰ বাবে পঞ্চায়ত সভানেত্ৰী চুতীয়াই দলীয় অনুগত গেৰুৱা কৰ্মী নামাই কমানৰ জৰিয়তে আগভাগ লয়। পৰৱৰ্তী সময়ত আঁচনিখনৰ সঠিক ৰূপায়ণৰ বিপৰীতে অতি নিম্ন মানৰ কামেৰে চৰকাৰী পুঁজি লুণ্ঠন চলোৱাত নিমগ্ন হয়। উত্থাপিত ৰাজহুৱা অভিযোগ মতে সভানেত্ৰী আৰু দলীয় কৰ্মী ৰূপী ঠিকাদাৰ কমানে নিম্নমানৰ সামগ্ৰী আৰু টিনপাত ব্যৱহাৰ কৰি আঁচনিখনৰ পৰা সিংহভাগ পুঁজি উলিয়াই নিলে ।
বিভাগীয় প্ৰাককলন অনুসৰি আঁচনিৰ গৃহ নিৰ্মাণত গুৰুত্ব নিদি লুণ্ঠনৰ চক্ৰান্তৰে অতি ক্ৰুটিপূৰ্ণ কামেৰে ভয়াবহ দুৰ্নীতি সংঘটিত কৰা এই দুই অৰ্থলোভীৰ চক্ৰান্তত অতিষ্ঠ গাঁওখনৰ যুৱক সংঘৰ লগতে সোৱণশিৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰিছিল। কিন্তু নিম্ন মানৰ কামৰ ৰাজহুৱা দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে খণ্ড উন্নয়ন বিষয়াই।
উল্লেখযোগ্য যে সভানেত্ৰী গৰাকীয়ে পঞ্চায়তটোৰ বিভিন্ন উন্নয়নমূলক কামত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ ব্যাপক ৰাজহুৱা অভিযোগ পঞ্চায়তবাসী ৰাইজৰ মুখে মুখে । এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাই যথোচিত পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বিত্তীয় অনিয়ম সংঘটিত কৰা এনে অৰ্থলোভী চক্ৰৰ ওপৰত কি আইনগত ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম