মুখ্য সচিবৰ পদ নোপোৱাৰ প্ৰতিশোধ নেকি? মনিন্দৰ সিঙৰ অসহযোগিতাৰ বাবে অচল সমবায় বিভাগ

একাংশ আই এছ বিষয়াৰ স্বাৰ্থসিদ্ধি নোহোৱাৰ বাবেই সমবায় বিভাগত সৃষ্টি হৈছে অৰাজকতাৰ।

author-image
Asomiya Pratidin
New Update
মুখ্য সচিবৰ পদ নোপোৱাৰ প্ৰতিশোধ নেকি?   মনিন্দৰ সিঙৰ অসহযোগিতাৰ বাবে অচল সমবায় বিভাগ

ডিজিটেল ডেস্কঃ এগৰাকী আই এ এছ বিষয়াৰ অসহযোগিতাৰ বাবে অচল হৈ পৰিছে সমবায় বিভাগ। । অভিযোগ অনুসৰি সমবায় বিভাগত ন্যস্ত স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবেই কেইবাজনো আই এ এছ বিষয়াই দুশৰো অধিক পদৰ পদোন্নতি বন্ধ কৰি ৰাখিছে।

Advertisment

আই এ এছ বিষয়া মনিন্দাৰ সিঙক মুখ্য সচিব, ২ বছৰ চাকৰি বৃদ্ধি আৰু দিল্লীৰ ডেপুটেছন নিদিয়াৰ বাবে সকলো পদৰ পদন্নোতি বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সকলো গাঁও পঞ্চায়ত সমবায় সমিতি কম্পিউটাৰৰ দ্বাৰা সংলগ্ন কৰা , অমৃত সৰোবৰ, সমবায় সমূহৰ কেন্দ্ৰীয় ডাটা বেংক প্ৰস্তুতকৰণ আৰু ৰাজ্য চৰকাৰৰ অফিচ সমূহ অনলাইন কৰাৰ দৰে বৃহৎ কাৰ্যসূচী চলি আছে।

ইয়াৰ মাজতে জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ সমবায় বিভাগত এক অচলা অৱস্থাৰ সৃষ্টি হৈছে। বৰ্তমান বিভাগটোত ৪ জন আই এ এছ আৰু ৩ জন এ চি এছ বিষয়া থকাৰ পিছতো বিভাগটোৰ বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা আহি পৰিছে।

উল্লেখ্য যে, আই এ এছ বিষয়া মনিন্দাৰ সিঙৰ স্বাক্ষৰ অবিহনে সমবায় বিভাগত কোনো লোকৰ পদোন্নতি সম্ভৱ নহয়। তেনেক্ষেত্ৰত আই এ এছ বিষয়া গৰাকীয়ে নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে কৰা কৰ্মই বিভাগটোত হাহাকাৰৰ সৃষ্টি কৰিছে।

বিভাগৰ ১ টা অতিৰিক্ত পঞ্জীয়ক, ৫ টা যুটীয়া পঞ্জীয়ক, ৯ টা উপ পঞ্জীয়ক, ৪০ টা সহকাৰী পঞ্জীয়ক , ৫০ টা সহ পঞ্জীয়ক , আৰু ৮০ টা জ্যেষ্ঠ পৰিদৰ্শকৰ পদ দীৰ্ঘদিন ধৰি খালি হৈ আছে। যাৰ বাবে প্ৰায় ১৩ হাজাৰ সমবায়ৰ বাৰ্ষিক সাধাৰণ সভা, হিচাপ পৰীক্ষা , বাকিজাইৰ অৰ্থ সংগ্ৰহ, সমবায়ৰ বৃহৎ কৃষি ভূমি বেদখল কৰা আদি কাৰ্যত বাধাৰ সন্মুখীন হৈছে ।

পদোন্নতিৰ বাবে হোৱা বৈঠকত এতিয়ালৈকে ৪ বাৰ তেওঁলোকৰ বিফলতাৰ বাবে সৃষ্টি হোৱা সমস্যাৰ বাবে স্থগিত ৰাখিব লগীয়া পৰিস্থিতি হৈছে। বহু বিষয়া এটাও পদোন্নতি অবিহনেই প্ৰতি মাহে অৱসৰ লৈ আছে। এনে অৱস্থাত এই সমস্যা সমাধান কৰাৰ সলনি পদোন্নতি কমিটিৰ সভাপতি ডঃ সংগীতা দত্তই বিষয়টো আওকান কৰা বুলি অভিযোগ উত্থাপন হৈছে। গতিকে পদোন্নতিৰ পৰা বঞ্চিত বিষয়া কৰ্মচাৰী সকলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু সমবায় মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে।

Also Read: '২০০০' হ'ব '০০০০' !

maninder singh ias