যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ কেলেংকাৰী ঢকাৰ চেষ্টা টিএমপিকেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকৰ

যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ কেলেংকাৰী ঢকাৰ চেষ্টা টিএমপিকেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকৰ

author-image
Asomiya Pratidin
New Update
যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ কেলেংকাৰী ঢকাৰ চেষ্টা টিএমপিকেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকৰ

ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ আগশাৰীৰ ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক ৰঞ্জিত ৰজকৰ অপকৰ্মই সম্প্ৰতি ৰাজ্যক জোকাৰি গৈছে। এই সাংবাদিকগৰাকীৰ বিৰুদ্ধে আছে বহু অভিযোগ।

Advertisment

ইয়াৰ পূৰ্বে উত্থাপন হোৱা বিভিন্ন অপবাদ মাৰ নাযাওঁতেই যোৱা ১৮ আগষ্টত পানবাৰীস্থিত ফ্লেটলৈ এগৰাকী যুৱতীক মাতি নি ৰঞ্জিত ৰজকে অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই বাতৰি সামাজিক মাধ্যমত ৰাজহুৱা হোৱাৰ পাছতো এতিয়ালৈকে বিহিত ব্যৱস্থা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি আকাশ দাৱ আৰু কৃষক মুক্তিৰ মহেন মৰাঙে ।

উল্লেখযোগ্য যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীকো অবগত কৰি ৰঞ্জিত ৰজকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অভিযোগকাৰী যুৱতীগৰাকীয়ে।

ইফালে সাংবাদিকতাক কলংকিত কৰা এনে দুষ্কাৰ্যৰ প্ৰতি সম্প্ৰতি সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন হৈছে সাংবাদিক ৰঞ্জিত ৰজক ৷ প্ৰকাশিত তথ্যমতে - এটা বাতৰিক কেন্দ্ৰ কৰি বোকাখাত ৰজাবাৰীৰ নিৱাসী যুৱতীগৰাকীৰ স’তে পৰিচয় হৈছিল কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজকৰ ৷ পৰিচয়ৰ পাছৰে পৰা প্ৰায়ে ৰজকে যুৱতীগৰাকীক নিজৰ ফ্লেটলৈ মাতে৷ কিন্তু পথাৰৰ কামৰ বাবে সময় মিলাব নোৱাৰাৰ অজুহাত দেখুৱাই আছিল যুৱতীগৰাকীয়ে ।

পৰিয়ালৰ স’তে চিনাকি কৰাই দিম বুলি যুৱতীগৰাকীক জোৰ কৰি মতাত অৱশেষত যোৱা ১৮ আগষ্টত যুৱতীগৰাকী এজনী বান্ধৱীৰ স’তে ৰজকৰ ফ্লেটলৈ যাবলৈ মান্তি হয় ৷ ইপিনে বোকাখাতৰ পাণবাৰীত থকা ফ্লেটত দুই বান্ধৱী উপস্থিত হোৱাৰ পাছতেই ফ্লেটত ৰজকৰ পৰিয়ালৰ কোনো নথকাত যুৱতীদ্বয় আচৰিত হৈ পৰে ৷ ইপিনে অভিযুক্ত সাংবাদিক ৰজকে যুৱতীদ্বয়ক মদ্যপান কৰিবলৈ প্ৰস্তাৱ দি ৰজকে শোৱনি কোঠালৈ যায় ৷

পৰৱৰ্তী সময়ত আনটো কোঠালিৰ পৰা ফোনযোগে ৰজকে ভুক্তভোগী যুৱতীগৰাকীক নিজৰ শোৱনি কোঠালৈ আমন্ত্ৰণ জনায় অশ্লীল ইংগিত দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ।

অভিযুক্ত সাংবাদিক ৰজকৰ অশ্লীল ইংগিতৰ পাছতে দুয়ো গৰাকী যুৱতী ছেগ বুজি ফ্লেটৰ পৰা আঁতৰি আহে ৷ ইয়াৰ পাছতে একপ্ৰকাৰ মানসিকভাবে ভাগি পৰি যুৱতীগৰাকীয়ে সেই নিশাই সামাজিক মাধ্যমত এই সমস্ত বিষয় উল্লেখ কৰে ৷ এই কথা বোকাখাত তথা সমগ্ৰ অসমতে প্ৰচাৰ হৈ যোৱাৰ পাছত নিশা প্ৰায় ১০-৩০ বজাত যুৱতীগৰাকীৰ বাসগৃহলৈ ৰঞ্জিত ৰজকে এম পি কে নেতা বিমানজ্যোতি লয়িঙসহ এটা দলক লগত লৈ উপস্থিত হয় ৷

বোকাখাতৰ টি এম পি কে নেতা বিমানজ্যোতি লয়িঙে ৰঞ্জিত ৰজকক ৰক্ষণাবেক্ষণ দিবলৈ গৈ ওলোটাই ভুক্তভোগী যুৱতীগৰাকীক একপ্ৰকাৰ ভীতিগ্ৰস্তহে কৰি নিজকে টি.এম.পি.কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আৰু কেন্দ্ৰীয় সমিতিয়ে তেওঁক ওপৰৰ পৰা পঠাইছে বুলি কয়। পৰিস্থিতিৰ বুজ নোলোৱাকৈ একপক্ষীয়ভাৱে ৰঞ্জিত ৰজকৰ হৈ ওকালতি কৰাহে দেখা গ'ল বুলি সোমবাৰে তীব্ৰ সমালোচনা কৰিছে ছাত্ৰ মুক্তি , কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই সন্দৰ্ভত ভুক্তভোগী যুৱতী , তেওঁৰ পৰিয়াল আৰু ছাত্ৰ মুক্তি , কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ পৰা ৰাজহুৱা স্পষ্টীকৰণৰ দাবী তুলিছে ছাত্ৰ মুক্তি , কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে অপদষ্ট হোৱা মিচিং গাভৰুৰ সন্মান আৰু সুৰক্ষাৰ বাবে মাত মতা টি এম পি কেৰ নীতি হ'ব লাগে নে দুষ্কাৰ্যত লিপ্ত হোৱা সাংবাদিক ৰঞ্জিত ৰজকৰ হৈ ওকালতি কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি আকাশ দাৱে।

সভাপতি গৰাকীয়ে লগতে কয় -"আমি লক্ষ্য কৰিম টি এম পি কেৰ কেন্দ্ৰীয় সমিতিয়ে অভিযুক্ত সাংবাদিক ৰঞ্জিত ৰজক আৰু নিজ সংগঠনৰ প্ৰচাৰ সম্পাদক বিমানজ্যোতি লইঙৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে"।

উল্লেখযোগ্য যে "ভুক্তভোগী যুৱতীগৰাকীৰ বাসগৃহত উপস্থিতহৈ টি এম পি কেৰ প্ৰচাৰ সম্পাদক বিমানজ্যোতি লইঙে নিজৰ ভগ্নীস্বৰূপ যুৱতীগৰাকীক সামাজিক মাধ্যমৰ পৰা পষ্টটো তুলি ল’বলৈ বিভিন্ন কূট-কৌশল কৰি হেঁচা প্ৰয়োগ কৰে৷ এই কাণ্ডত স্থানীয় ৰাইজ স্তম্ভিত হৈ পৰিছে।

যি সংগঠনৰ দ্বাৰা নিৰাপত্তা নিশ্চিতিৰ আশ্বাস পাব লাগিছিল সেই সময়ত তেওঁলোকৰ ভীতিপ্ৰদানে সমগ্ৰ ঘটনাক আৰু ৰহস্যঘন কৰি তুলিছে। কিয়নো একে সময়তে আন এগৰাকী টি এম পি কেৰ কৰ্মী অসীম দলেই ৰজকৰ বিৰুদ্ধে নাযাবলৈ সকীয়াই দিয়াৰ লগতে ভুক্তভোগী যুৱতীগৰাকীক চৰিত্ৰহীনা সজাবলৈ কুন্ঠাবোধ কৰা নাই" - যি সমগ্ৰ মিছিং জাতিটোকেই লজ্জানত কৰিছে বুলি উল্লেখ কৰে ছাত্ৰ নেতা দুগৰাকীয়ে।

ইফালে ভুক্তভোগী যুৱতীগৰাকী আৰু পৰিয়ালটোৱে মানসিকভাৱে ভাগি পৰাত দেওবাৰে বাধ্য হৈ যুৱতীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী, জনসংযোগ মন্ত্ৰী, গোলাঘাটৰ আয়ুক্ত, আৰক্ষী অধীক্ষকলৈ উচিত বিচাৰৰ দাবীত পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসীম দলেৰ ওপৰতো গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। গতিকে পৰৱৰ্তী সময়ত প্ৰশাসন বা মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়।

Also Read: সুৰাসক্ত চালক! নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল ব'লব’মৰ ভক্তক কঢ়িয়াই নিয়া বাহন