এজন গাঁও প্ৰধানৰ কু-কাণ্ড

শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাওঁ অঞ্চলৰ গাওঁ প্ৰধান বুবুল ৰাজবংশীৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ।

author-image
Asomiya Pratidin
New Update
এজন গাঁও প্ৰধানৰ কু-কাণ্ড

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এইবাৰ এজন গাওঁ প্ৰধানৰ বিৰুদ্ধে সৰৱ ৰাইজ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাওঁ অঞ্চলৰ গাওঁ প্ৰধান বুবুল ৰাজবংশীৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ।

Advertisment

অভিযোগ অনুসৰি এইজন চৰকাৰী গাওঁপ্ৰধানে নিজৰ ক্ষমতা প্ৰয়োগ কৰি মিছাৰ আশ্ৰয় লৈ এজন নিৰ্দোষী লোকৰ ওপৰত তৰিছিল ধৰ্ষনৰ গোচৰ। উল্লেখ্যে যে যোৱা ২৫ জুনত লোক্ৰাৰ খলিহামাৰী গাঁওৰ এজন যুৱকৰ পত্নীৰ লগত পাৰিবাৰিক কন্দলৰ সৃষ্টি হৈছিল।

কাজিয়াৰ অন্তত যুৱক জনৰ বিৰুদ্ধে পত্নী আৰু পত্নীৰ মোমায়েক গাওঁপ্ৰধান বুবুল ৰাজবংশীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যুৱকজনৰ বিৰুদ্ধে। যুৱকজনে নিজৰেই ১০ বছৰীয়া কন্যাক ধৰ্ষন কৰাৰ এক গুৰুতৰ অভিযোগ তুলি ভাবুকি প্ৰদান কৰি ৬ লাখ টকা দাবী কৰিছিল বুবুল ৰাজবংশীয়ে ।

আৰু টকা নিদিয়াৰ বাবেই যুৱকজনক জেললৈ প্ৰেৰণ কৰিছিল তেওঁলোকে। কিন্তু আইনৰ চকুত যে কোনেও ধূলি দিব নোৱাৰে সেই কথা প্ৰমান কৰি আদালতে। এই সকলোবোৰ কথা ভিত্তিহীন প্ৰমান কৰি যুৱকজনক নিৰ্দোষী সাৱ্যস্ত কৰিলে আদালতে।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত গাওঁপ্ৰধানজনে যুৱক জনৰ লগতে খলিহামাৰী গাওঁ খনৰ লোকসকলকো বিৰূপ মন্তব্য কৰিছিল। যাৰ বাবে আজি গাওঁখনৰ সকলো ৰাইজ একত্ৰিত হৈ গাওঁপ্ৰধানৰ বিৰুদ্ধে ৰাজহুৱা সভা আহ্বান জনাই উদ্ধৰ্তন কতৃপক্ষৰ জড়িয়তে বৰ্খাস্ত কৰাৰ দাবী জনায়।

Also Read: চিলাপথাৰৰ কৃষকলৈ ৰাষ্ট্ৰীয় বঁটা...