/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/o57luzah/205.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশত গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ দেশতে পালন কৰা হয় সৰ্বধৰ্ম সভা আৰু মহাত্মা গান্ধীৰ জীৱনীৰ ওপৰত আলোচনা । এই কাৰ্যসূচীৰ অংগ হিচাপে কাছাৰৰ সোণাই সমষ্টিতো আয়োজন কৰা হয় সৰ্বধৰ্ম আৰু আলোচনা সভা ।
সোণাই সমষ্টিৰ উত্তৰ কৃষ্ণপুৰ মণ্ডলৰ উদ্যোগত আয়োজিত এই বিশাল সৰ্বধৰ্ম সভা আৰু মহাত্মা গান্ধীৰ জীৱনীৰ ওপৰত হোৱা আলোচনা সভাত সহস্ৰাধিক লোকে অংশগ্ৰহন কৰে। হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান আৰু জৈন ধৰ্মৰ ধৰ্মগুৰুসকলে সৰ্বধৰ্ম সভাত অংশ লৈ মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ওপৰত আলোকপাত কৰে।
মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে সলোৰে মন জয় কৰা এই ভাৰতবৰ্ষত বৰ্তমান হিংসা আৰু বিভেদৰ ৰাজনীতি চলা বুলি মন্তব্য কৰে বক্তাসকলে। ইফালে, অনুষ্ঠানত অংশগ্ৰহন কৰি সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে কয় যে মহাত্মা গান্ধীৰ ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত বৰ্তমান ধৰ্মৰ ৰাজনীতি চলিছে। সেয়ে নব প্ৰজন্মৰ মাজত মহাত্মা গান্ধীৰ অহিংস আৰু আদৰ্শ নীতি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেই এই সৰ্বধৰ্ম সভাৰ আয়োজন কৰা হয়।
অনুষ্ঠানত সোণাই আৰু শিলচৰ জিলা কংগ্ৰেছৰ কেবাজনো নেতা কৰ্মীৰ লগতে কাছাৰ জিলাৰ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনো উপস্থিত থাকে।
Also Read: এম এ চিৰ নতুন সীমাত অমিচিং গাঁও অন্তৰ্ভূক্তিৰ প্ৰতিবাদ