৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ…

৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ…

author-image
asomiyapratidin
New Update
৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ কোৰোনাৰ দ্বিতীয় লহৰত সম্প্ৰতি ৰাজ্যত দিনে দিনে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ। মঙলদৈ অসামৰিক চিকিৎসালয়ত কোৰোনা টেষ্ট আৰু ভেকচিন দি থকাৰ পিছত এতিয়া জিলা খনৰ সৰ্বমুঠ ১৯খন চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে।

টিকাকৰণ কৰা কেন্দ্ৰ সমূহ হ'ল – চমুৱাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দলগাঁও ৰাজ্যিক চিকিৎসালয়, দেওমৰনৈ সামূহিক চিকিৎসালয়, ধূলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , দুমুনীচকী ৰাজ্যিক চিকিৎসালয়,দুনী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গৰুখুটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গোঁসাইগাওঁ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,হাজৰিকাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হেঙালপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মঙলদৈ অসামৰিক চিকিৎসালয়,পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ , ৰামহৰি এছ এইচ চি , ৰঙামাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,মঙলদৈ নগৰীয়া স্বাস্থ্যকেন্দ্ৰ, নিজদাঁহী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,খাৰুপেটিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ।

সংশ্লিষ্ট টিকাকৰণ কেন্দ্ৰ সমূহত ৪৫ বছৰ বা তাৰ ঊৰ্ধ্বৰ ব্যক্তিক কোভিড ভেকচিন দিয়া হ'ব। জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই ৪৫ বছৰ বা তাৰ উৰ্ধৰ সকলো লোককে টিকাকৰণ কেন্দ্ৰলৈ আহি ভেকচিন ল'বলৈ আহ্বান জনাইছে। তদুপৰি জিলা খনত বলৱৎ হৈ থকা কোভিড প্ৰট'কল সমূহ ৰক্ষা কৰি সকলো লোককে সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো কোৰোনা মহামাৰীৰ পৰা জীৱন বচাবলৈ জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনাইছে।